মৰিগাঁও,4 আগষ্ট: পথৰ দুৰৱস্থাৰ ফলত তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে মৰিগাঁৱবাসী ৷ প্ৰতি বছৰৰ দৰে এইবেলিও ৰাজ্যত প্ৰলংয়কৰী বানে তাণ্ডৱ সৃষ্টি কৰি বিধ্বস্ত কৰিছিল জন-জীৱনৰ আন্তঃগাঁথনি ৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহ’ল মৰিগাঁৱৰ পৰিস্থিতি ৷ ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ পিছতে এইবাৰ পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে মৰিগাঁৱৰ জন সাধাৰণক ৷ বিশেষকৈ জিলাখনৰ ৰোগীসকলে চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হৈছে সমস্যাৰ ৷
জিলাখনৰ ভূৰাগাঁৱৰ জেংপৰি গাঁৱত পথৰ দুৰৱস্থাৰ বাবে এম্বুলেন্স নাইবা অন্যান্য বাহন প্ৰৱেশ কৰিব নোৱাৰাত ৰাইজৰ একমাত্ৰ সাৰথি হৈ পৰিছে এখন ঠেলা ৷ উক্ত ঠেলাখনেৰে ৰাইজে ৰোগীক অনা-নিয়া কৰে চিকিৎসালয়লৈ ৷ বছৰ বছৰ ধৰি অঞ্চলটোত পথ নিৰ্মাণৰ বাবে ৰাইজে জন প্ৰতিনিধিক সাক্ষাৎ কৰি অৱগত কৰি আহিছে যদিও গা এৰা মন্তব্যৰে বিষয়টোৰ পৰা ফালৰি কাটি ফুৰিছে জন প্ৰতিনিধিয়ে ৷
লগতে চাওকঃ কৰ’ণা ভাইৰাছ-লক ডাউন-আনলকৰ মাজত স্তব্ধ জীৱন