ETV Bharat / state

PM Kisan Samman Nidhi: প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰীলৈ ধন প্ৰেৰণ; মৰিগাঁৱত বিশেষ অনুষ্ঠান - হিতাধিকাৰী

8.5 কোটি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ যোগ্য হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰায় ১৭ হাজাৰ কোটি টকা প্ৰধানন্ত্ৰীগৰাকীয়ে DBTৰ দ্বাৰা প্ৰেৰণ কৰে ৷ মৰিগাঁৱতে এই উপলক্ষে আয়োজন কৰা হয় এক অনুষ্ঠান ৷

PM Kisan Samman Nidhi
PM Kisan Samman Nidhi
author img

By

Published : Jul 27, 2023, 4:10 PM IST

মৰিগাঁও, 27 জুলাই: বৃহস্পতিবাৰে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ (PM- KISAN) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ 14 নং কিস্তিৰ অনুদান ৱেবকাষ্ট যোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰে ৷ সেই উপলক্ষে মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত পুৱা 11 বজাৰ পৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয়ভাৱে এখন সভা তথা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

। উল্লেখ্য দেশৰ প্ৰায় 8.5 কোটি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ যোগ্য হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰায় 17 হাজাৰ কোটি টকা এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে DBT মাধ্যমৰ জৰিয়তে হস্তান্তৰ কৰে ৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত জিলাখনৰ 11 টাকৈ কৃষক সমৃদ্ধি চেণ্টাৰক লগত লৈ ভূৰাগাঁও গাঁও পঞ্চায়ত, বৰচাপৰি গাওঁ পঞ্চায়ত আৰু নগাবন্ধা গাঁও পঞ্চায়তক সামৰি শতাধিক কৃষক ৰাইজৰ উপস্থিতিত অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত কেন্দ্ৰীয়ভাৱে আয়োজিত উক্ত অনুষ্ঠানত জিলাখনৰ কৃষাণ মৰ্চাৰ সভাপতি দুলাল ব্ৰহ্ম, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য অংকুৰ দেউৰীৰ লগতে শতাধিক কৃষক ৰাইজে অংশ গ্ৰহণ কৰে ৷

ইয়াৰ উপৰিও জিলা কৃষি বিভাগৰ উদ্যোগত জাগীৰোড কৃষি চক্ৰত আয়োজিত পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অতিৰিক্ত জিলা উপায়ুক্ত (কৃষি) প্ৰাঞ্জল বৰুৱা, জাগীৰোড বিজেপি মণ্ডলৰ সভাপতি প্ৰবীণ ডেকা, জাগীৰোড উন্নয়ন নিগমৰ অধ্যক্ষ দিব্যজ্যোতি নেওঁগৰ লগতে মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীন মেধি মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি কৃষক ৰাইজৰ সৈতে মতবিনিময় কৰে ।

লগতে পঢ়ক: PM Modi: মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হ’ব; প্ৰধানমন্ত্ৰীৰ গেৰাণ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.