ETV Bharat / state

Paddy procurement System: কৃষি বিভাগৰ উদ্যোগত মৈৰাবাৰীত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন

author img

By

Published : Jan 6, 2023, 9:23 AM IST

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীস্থিত লৈংৰীবড়ীত জিলাখনৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই এটা ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন কৰে (paddy procurement centres open in Morigaon)৷ কেন্দ্ৰটো স্থাপনৰ ফলত এতিয়াৰে পৰা মৈৰাবাৰী অঞ্চলৰ কৃষক ৰাইজে কুইণ্টলে প্ৰতি ২,০৪০ টকা দৰত পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব ধান ৷

Paddy procurement centres open in Morigaon
মৈৰাবাৰীত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন
মৈৰাবাৰীত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন

মৰিগাঁও, 6 ডিচেম্বৰ: মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ কৃষক ৰাইজৰ বাবে এটি সুখবৰ ৷ জিলা কৃষি বিভাগৰ উদ্যোগত মৈৰাবাৰীত স্থাপন কৰা হয় এটা ধান ক্ৰয় কেন্দ্ৰ (Morigaon District Agriculture Department)৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জিলাখনৰ মৈৰাবাৰীৰ লৈংৰীবড়ীত বৃহস্পতিবাৰে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই অসম চৰকাৰৰ অধীনত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে (Paddy Procurement System open in Morigaon)৷

ৰাজ্যৰ কৃষকসকলক সকাহ দিয়াৰ লগতে কৃষকক মধ্যভোগী ব্যাৱসায়ীৰ কৱলৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত (অসম চৰকাৰৰ কোম্পানী)অসমৰ বিভিন্ন জিলাত এই ধান ক্ৰয় কেন্দ্ৰ (procurement centres) স্থাপন কৰি আহিছে ৷ বৃহস্পতিবাৰে মৈৰাবাৰীৰ লৈংৰীবড়ীত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটো উন্মোচন কৰি উপায়ুক্ত দেৱাশীষ শৰ্মাই (DC Debasish Sarma) কয়, এতিয়াৰে পৰা মৈৰাবাৰী অঞ্চলৰ কৃষক ৰাইজে কুইণ্টলে প্ৰতি ২,০৪০ টকা দৰত পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব ধান ৷ তাৰোপৰি ইয়াত মধ্যভোগীৰ কোনো স্থান নাই (Paddy procurement centres open at Moirabari)৷ কৃষকসকলে নিজে উৎপাদন কৰা ধান বজাৰত কম দামত বিক্ৰী নকৰি এই কেন্দ্ৰত উচিত মূল্যত ধান বিক্ৰী কৰি লাভবান হ’ব পাৰিব ৷

ইয়াৰোপৰি যিজন যুৱকৰ তৎপৰতাত এই ধান ক্ৰয় কেন্দ্ৰটো স্থাপন কৰিবলৈ সমৰ্থ হৈছে তেওঁকো জিলা উপায়ুক্তগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে ৷ এই উদ্বোধন সভাত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস, মৰিগাঁও জিলাৰ কৃষি বিষয়া ইন্দ্ৰ মোহন তালুকদাৰ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত সহ সঞ্চালক বিচিত্ৰ কুমাৰ দাস উপস্থিত থাকে ৷ সভাখন পৰিচালনা কৰে লেংৰীবড়ী গাঁও পঞ্চায়তৰ সভাপতি ফাইজুৰ ৰহমানে ৷

উল্লেখ্য যে পূৰ্বতে ৰাজ্যৰ কৃষকসকলে ধানৰ উচিত মূল্য নোপোৱা বুলি বহু অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ (food and civil service department) মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Das) কৃষকসকলৰ সুবিৰ্ধাথে ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছিল ৷ যাৰ ফলত এই কেন্দ্ৰৰ জৰিয়তে কৃষকসকলে ধানৰ উচিত মূল্য লাভ কৰিব ৷ ৰাজ্যৰ কৃষি প্ৰধান জিলাসমূহত ১২ টাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে (rice buying centres) ।

স্মৰ্তব্য যে , চৰকাৰীভাৱে নিৰ্ধাৰিত ১৮৮৫ টকাৰ দৰত ধানৰ মূল্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যৰ কৃষকসকল ৷ এই পৰিপ্ৰেক্ষিতত ইতিমধ্যে ধান ক্ৰয়ৰ বাবে বাজেটত ২০০ কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰোপৰি, কেন্দ্ৰীয় চৰকাৰ(union government)ৰ পৰাও ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে এই সম্পৰ্কত লাভ কৰিছে 12 কোটি টকা ৷ সৰ্বমুঠ ২১২ কোটি টকাৰে ধান ক্ৰয় কৰা হ’ব আৰু বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাইক অধ্যক্ষ হিচাপে লৈ গঠন হ’বলগীয়া এখন কমিটিয়ে নিৰ্ধাৰণ কৰিব ধান ক্ৰয় কেন্দ্ৰ সমূহৰ স্থান ৷

লগতে পঢ়ক: Assam Agriculture Department : বিশ্বনাথত তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.