ETV Bharat / state

Debabrata Saikia in Morigaon: অসমত কংগ্ৰেছে ভবা নাই যে এআইইউডিএফ নাথাকিলে বিৰোধীৰ শক্তি দুৰ্বল হ’ব- দেৱব্ৰত শইকীয়া - Debabrata Saikia in Morigaon

মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা, সদ্য প্ৰয়াত জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ মৰিগাঁৱত উপস্থিত হৈ শাসকীয় দলক সমালোচনা কৰে দেৱব্ৰত শইকীয়াই (Opposition Leader Debabrata Saikia) ৷

Opposition Leader Debabrata Saikia in Morigaon
বিধায়িকা, সদ্য প্ৰয়াত জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
author img

By

Published : Jun 7, 2023, 5:15 PM IST

মৰিগাঁৱত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

মৰিগাঁও, 7 জুন: বুধবাৰে মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা, সদ্য প্ৰয়াত জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী অতি সৎ নেত্ৰীক হেৰুৱাই আমি মৰ্মাহত বুলি মন্তব্য কৰে বিৰোধী দলপতিজনে ৷ জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন বিধায়িকা গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে নেতাজনে (Opposition Leader Debabrata Saikia in Morigaon) ৷

আনহাতে মৰিগাঁৱত উপস্থিত হৈ শাসকীয় দলক সমালোচনা কৰে দেৱব্ৰত শইকীয়াই ৷ যদি যুক্তিসংগতভাৱে ভোট দিব লাগে তেন্তে বিজেপিক ভোট দিয়াটো অনুচিত হ'ব মন্তব্য কৰে তেওঁ ৷ একেদৰে বিৰোধী দলৰ দলপতি গৰাকীয়ে প্ৰসংগক্ৰমে 'কা' আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'কা ' আন্দোলনৰ ক্ষেত্ৰত বহুতে সাপে মোত সলোৱাৰ দৰে স্থিতি গ্ৰহণ কৰিছিল ৷ সেয়া অসমীয়া ৰাইজে সকলোৱে প্ৰত্যক্ষ কৰিছে ৷ ইয়াৰ বিপৰীতে লুৰীণজ্যোতি গগৈ নিজৰ স্থিতিত অটল আছিল ৷ সেই বাবে লুৰীণজ্যোতি গগৈয়ে নিজকে বিৰোধী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে (Opposition Leader Debabrata Saikia) ৷

তেওঁ কয় যে, কংগ্ৰেছৰ বিষয়ে কিছুমান ভুৱা প্ৰচাৰো ইউডিএফ দলে কৰে ৷ কিন্ত কিয় কৰে তেওঁলোকে জানিব ৷ কিন্ত তেওঁলোকৰ শীৰ্ষস্থানীয় নেতা, প্ৰাক্তন সাংসদ, বৰ্তমানৰ অসম বিধান সভাৰ সদস্য আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব চৰকাৰৰ বাজেটখন শ্ৰেষ্ঠ বাজেট হিচাপে আখ্যা দিছে ৷ কিন্ত যিটো সময়ত আমি বাজেটখনত বিশেষ একো দেখা পোৱা নাই ৷ সেয়েহে ইউডিএফৰ বিৰোধী স্থিতিৰ ওপৰত সকলো সন্দিহান হৈ পৰিছে ৷ গতিকে অসমত ইউডিএফক লৈ কংগ্ৰেছে বিজেপিৰ বিৰোধিতা কৰিব বিছৰা নাই বুলি মন্তব্য কৰে বিৰোধী দলপতিজনে (Opposition Leader Debabrata Saikia Slams AIUDF) ৷

উল্লেখযোগ্য যে, মৰিগাঁৱৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হোৱাৰ লগতে মৰিগাঁও কংগ্ৰেছ ভৱনত উপস্থিত হৈ বিৰোধী দলপতি গৰাকীয়ে মৰিগাঁও জিলা কংগ্ৰেছৰ বিষয়-ববীয়াৰ সকলৰ সৈতেও মত বিনিময় কৰি দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে আহবান জনাই (Debabrata Saikia in Morigaon) ৷

লগতে পঢ়ক: Rama Kanta Dewri: ৰাইজৰ সমস্যা হৃদয়ংগম কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰমাকান্ত দেউৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.