মৰিগাঁও, 17 জুলাই : মৰিগাঁও জিলাত বুধবাৰে বানৰ কবলত পৰি আন এজন লোকে প্ৰাণ হেৰুৱাব লগা হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে প্ৰায় এঘাৰ বজাত মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গছৰগুৰি গাঁৱৰ হোমেশ্বৰ ডেকাই (৪৫) চুবুৰীয়া গাঁৱৰ শহুৰেকৰ ঘৰলৈ গৈ ওভতি অহাৰ পথত নিখোঁজ হৈ পৰে । গাঁৱৰ ৰাইজে প্ৰকাশ কৰা মতে পানীৰে উপচি থকা পথেৰে ঘৰলৈ ঘূৰি অহাৰ সময়তে পথৰ কাষতে থকা দ' গাঁতত পৰি মৃত্যু হয় হোমেশ্বৰ ডেকাৰ ৷
ঘটনাৰ পাছতে SDRFৰ দল উপস্থিত হয় আৰু হোমেশ্বৰ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ এই ঘটনাৰ পাছতে পৰিয়ালৰ লগতে গছৰগুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ উল্লেখ্য যে বুধবাৰে মৃত্যু হোৱা হোমেশ্বৰ ডেকাকে ধৰি এই ছয় দিনত মৰিগাঁৱত বানে ছজনকৈ লোকৰ প্ৰাণ কাঢ়িছে ৷