ETV Bharat / state

Minor Rape case: জঘন্য; 13 বছৰীয়া কিশোৰীক ধৰ্ষণ দুই সন্তানৰ পিতৃৰ

author img

By

Published : Jul 21, 2023, 10:26 AM IST

মৰিগাঁও জিলাৰ জাগীৰোডৰ কুইয়াদলত দুই সন্তানৰ পিতৃয়ে ধৰ্ষণ কৰিলে এগৰাকী 13 বছৰীয়া কিশোৰীক ৷ ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ধৰ্ষণকাৰী শ্বাহ আলমক ৷

One Arrested for Raped of a Minor Girl in Morigaon
জেল হাজোতলৈ প্ৰেৰণ ধৰ্ষণকাৰী শ্বাহ আলমক
দুই সন্তানৰ পিতৃয়ে ধৰ্ষণ কৰিলে 13 বছৰীয়া কিশোৰীক

মৰিগাঁও, 21 জুলাই : মৰিগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ মৰিগাঁও জিলাৰ জাগীৰোডৰ কুইয়াদলত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা ৷ পিতৃৰ বয়সৰ ব্যক্তিয়ে ধৰ্ষণ কৰিলে এগৰাকী 13 বছৰীয়া কিশোৰীক ৷

পিতৃৰ বয়সীয়া ব্যক্তিৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী ৷ ঘাঁহ কাটিবলৈ যোৱাৰ সময়তে এগৰাকী 13 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে লম্পট শ্বাহ আলমে ৷ ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ধৰ্ষণকাৰী শ্বাহ আলমক ৷

ঘটনা অনুসৰি জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত 2 নং বঙালবড়ী গাঁৱৰ শ্বাহ আলম নামৰ লম্পটোৱে কুইয়াদল গাঁৱৰ এটা মাছৰ পুখুৰী চোৱাচিতা কৰে ৷ সেই পুখুৰীৰ পাৰতে প্ৰায়ে ঘাঁহ কাটিবলৈ যায় প্ৰায় 13 বছৰীয়া কিশোৰীগৰাকী ৷ ঘাঁহ কাটিবলৈ যোৱাৰ সময়তে লম্পট শ্বাহ আলমে কিশোৰীগৰাকীক ঘাঁহ কাটি সহায় কৰি দিয়াৰ লগতে ফুচুলাই ধৰ্ষণ কৰে ৷ আনহাতে এই কথা পৰিয়ালক অৱগত নকৰিবলৈ কিশোৰী গৰাকীক টকাৰ প্ৰলোভন দিয়ে দুটি সন্তানৰ পিতৃ শ্বাহ আলমে ৷

লগতে পঢ়ক : N. Biren Singh press meet:মণিপুৰৰ নাৰী নিৰ্যাতন কাণ্ডৰ দোষীয়ে কঠোৰ শাস্তি পাব; মুখ্যমন্ত্ৰী এন বীৰেণ সিং

এনেদৰে কেইবাদিনো উপৰ্যুপৰি ধৰ্ষণ কৰাৰ ফলত কিশোৰীগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ পৰে আৰু অৱশেষত পৰিয়ালৰ লোকক অৱগত কৰে ৷ ইয়াৰ পিছতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে জাগীৰোড আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত লম্পট শ্বাহ আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জাগীৰোড আৰক্ষী থানাৰ 220/2023 নম্বৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইন 376/3 আৰু POCSO আইনৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে ধৰ্ষণকাৰী শ্বাহ আলমক ৷ আনহাতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী ৷

লগতে পঢ়ক : Pinky Rai Murder case: ফাদিল পিংকী হত্যাকাণ্ডৰ ৰহস্য, পিনাকে ডিঙি চেপি হত্যা কৰিছিল পিংকীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.