ETV Bharat / state

মৰিগাঁৱত পুষ্টিহীন শিশুসকলক সুষম আহাৰ যোগান

author img

By

Published : Nov 28, 2020, 10:21 AM IST

মৰিগাঁৱৰ পুষ্টিহীনতাত ভোগা শিশুসকলক এমাহৰ বাবে বিশেষ পুষ্টিকৰ খাদ্য প্ৰদান জিলা সমাজ কল্যাণ বিভাগৰ ৷ এই বিশেষ টোপোলাত কল আৰু কণী থকাৰ লগতে বিভিন্ন সুষম আহাৰ যোগান ধৰা বুলি জিলা উপায়ুক্ত লীনা দাসে সদৰি কৰে ৷

nutritious food supplied to undernourished children in morigaon
মৰিগাঁৱত পুষ্টিহীন শিশুসকলক সুষম আহাৰ যোগান

মৰিগাঁও,28 নৱেম্বৰ : পুষ্টিহীনতাত ভোগা শিশুসকলক এমাহৰ বাবে বিশেষ পুষ্টিকৰ খাদ্য যোগান ধৰাৰ প্ৰয়াস কৰিছে মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগে । মৰিগাঁও সমাজ কল্যাণ বিভাগৰ ভূৰবন্ধাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ মৰিগাঁও চিভিল এৰিয়াৰ 271 নং অংগনবাড়ী কেন্দ্ৰত বিতৰণ কৰা হয় পুষ্টিকৰ খাদ্যৰ টোপোলা ।

এই টোপোলা বিতৰণৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত লীনা দাসে । এই বিশেষ টোপোলাত আছে কল আৰু কণী । ইয়াৰোপৰি বিভিন্ন সুষম আহাৰ যোগান ধৰা হৈছে পুষ্টিহীন শিশুসকলক । শিশুসকলক সপ্তাহৰ মূৰে মূৰে ওজন আৰু উচ্চতাৰ পৰীক্ষা কৰি স্বাভাৱিক খাদ্য যোগান ধৰিব বুলি মন্তব্য কৰে জিলা সমাজ কল্যাণ বিষয়া দেবজিত বৰাই ৷

এই কাৰ্যসূচীত ভাগ লয় ভূৰবন্ধাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া সন্তোষ পাটিৰ,সংহত শিশু উন্নয়ন প্ৰকল্পৰ ভালেসংখ্যক মুখ্য সেৱিকা,কৰ্মী তথা সহায়িকা ৷

লগতে পঢ়ক : খোদ আৰক্ষীয়ে নিৰ্বাচনৰ প্ৰাৰ্থীক অপহৰণ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.