ETV Bharat / state

মৰিগাঁৱত দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

author img

By

Published : Mar 18, 2021, 11:38 AM IST

৭৯ নং জাগীৰোড বিধান সভাৰ সমষ্টিৰ মুঠ চাৰিগৰাকী প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিনত নিৰ্দলীয় প্ৰাৰ্থী দীপক দাসৰ মনোনয়ন প্ৰত্যাহাৰ । আনহাতে ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টিৰ মুঠ বাৰগৰাকীৰ বিভিন্ন দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি বৈধ হোৱা বুলি সদৰী কৰাৰ সময়তে নিৰ্দলীয় প্ৰাৰ্থীৰূপে দাখিল কৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে জাকাৰিয়া আলমে একেটা দিনতে ।

মৰিগাঁৱত দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ
মৰিগাঁৱত দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

মৰিগাঁও, ১৮ মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিছে । তাৰে একাংশই নিজৰ নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব ধৰিছে । তেনে দুগৰাকী প্ৰাৰ্থীয়ে বুধবাৰে নিজৰ মনোনয়ন উঠাই লয় মৰিগাঁও জিলাৰ দুই সমষ্টিত । মৰিগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনত দুই নিৰ্দলীয় প্ৰাৰ্থিয়ে প্ৰত্যাহাৰ কৰে নিজৰ নিজৰ মনোনয়ন পত্ৰ ।

জিলাখনৰ ৭৯ নং জাগীৰোড বিধান সভাৰ সমষ্টিৰ মুঠ চাৰিগৰাকী প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিনত নিৰ্দলীয় প্ৰাৰ্থী দীপক দাসৰ মনোনয়ন প্ৰত্যাহাৰ । দীপক দাসৰ মনোনয়ন পত্ৰ পৰীক্ষণত বৈধতা লাভ কৰাৰ পিছত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিনত প্ৰাৰ্থীগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে বুলি জিলা প্ৰশাসনে সদৰী কৰিছে ।

আনহাতে ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টিৰ মুঠ বাৰগৰাকীৰ বিভিন্ন দলৰ প্ৰাৰ্থীয়ে যথাসময়ত মনোনয়ন পত্ৰ দাখিল কৰি বৈধ হোৱা বুলি সদৰী কৰিছে জিশা প্ৰশাসনে । ইয়াৰ বিপৰীতে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে দাখিল কৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে জাকাৰিয়া আলমে একেটা দিনতে ।

লগতে পঢ়ক: কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.