ETV Bharat / state

চৰকাৰী আঁচনিৰ পৰা আজিও বঞ্চিত সাতশ বছৰীয়া পুৰণি নভংগা সন্ত আশ্ৰম

author img

By

Published : Nov 9, 2020, 3:21 PM IST

Updated : Sep 3, 2022, 5:08 PM IST

নভংগা সন্ত আশ্ৰমলৈ ভকত বৈষ্ণৱ তথা পৰ্যটক আহিলে থাকিবলৈ নাই কোনো সু ব্যৱস্থা ৷ আনকি মাটি বন্ধকত দি চৰকাৰক ৰাজহ দিব লগা হৈছে মন্দিৰ পৰিচালনা কমিটিয়ে (Nabhanga Sant Ashram still deprived of government schemes) ৷ স্থানীয় নভংগা চোলাপাৰ গাঁৱৰ বাসিন্দা সকলৰ সৰলতাৰ সুযোগলৈ এতিয়া একাংশই লুণ্ঠন চলোৱাৰ অভিযোগ অঞ্চলটোৰ সচেতন ৰাইজৰ ৷

no-government-scheme-nor-financial-aid-to-this-700-years-old-heritage-navanga-santa-asram
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত সাতশ বছৰীয়া পুৰণি নভঙ্গা সন্ত আশ্ৰম

মৰিগাঁও, 9 নৱেম্বৰ: জাতি, মাটি, ভেটি তথা ৰাজ্যৰ পুৰণি মঠ-মন্দিৰ সমুহক সংৰক্ষণ তথা পুনৰ মেৰামতিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে অৱহেলিত হৈছে মৰিগাঁও-নগাঁও সীমান্তৱৰ্তী নভংগা চোলাপাৰত থকা এখন পৌৰাণিক আশ্ৰম ৷ অসম দৰ্শন আঁচনিৰ পৰা বঞ্চিত এই সাত শ বছৰীয়া নভঙ্গা সন্ত আশ্ৰমখন ৷ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যথেষ্ট সুবিধা আছে যদিও আজিলৈকে কোন ধৰণৰ উন্নয়নৰ মুখ নিদেখিলে এই "নভঙ্গা সন্ত আশ্ৰম"খনে ৷

আশ্ৰম খনৰ প্ৰতি নগাঁৱৰ সাংসদ আৰু মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়কে চুড়ান্ত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ মৰিগাঁও-নগাঁও সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবেই দুয়োখন জিলাৰ কৰ্তৃপক্ষৰ উদাসীনতাৰ বলি হৈ আশ্ৰম খন সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ স্থানীয় ৰাইজৰ (Nabhanga Sant Ashram still deprived of government schemes) ৷

উল্লেখ্য যে, মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ(BJP MLA Ramakanta Deori) কাৰ্যকাল শেষ হ'বৰ হ'ল ৷ কিন্তু বিধায়ক জনৰ কাৰ্যকালতো একো এটা চৰকাৰী সুবিধাৰ মুখ নেদেখিলে আশ্ৰমখনে ৷ শেহতীয়াকৈ চৰাইবাহী বৰভগীয়াৰ এজন প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতিয়ে স্বয়ম্ভূ পৰিচালনা সমিতিৰ সভাপতি হৈ আশ্ৰমখনক লৈ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

আশ্ৰমৰ নামত বিভিন্ন চৰকাৰী আঁচনি অনুমোদিত ধন আত্মসাৎ কৰাৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে নাথ উপাধিৰ সভাপতিজনৰ বিৰুদ্ধে ৷ সচেতন মহলে জনোৱা অনুসৰি, এটা পদুম পুখুৰী, 75 বিঘা পথাৰৰ মাটি, 20 বিঘা বস্তিমাটি থকা আশ্ৰমখনত এতিয়া চলিছে ভীষণ অৰাজকতা ৷

প্ৰাপ্ত খবৰ অনুসৰি, আশ্ৰমখনলৈ ভকত বৈষ্ণৱ তথা পৰ্যটক আহিলে থাকিবলৈ কোনো সু-ব্যৱস্থা নাই ৷ আনকি মাটি বন্ধকত দি ৰাজহ দিব লগা হৈছে মন্দিৰ পৰিচালনা কমিটিয়ে ৷ স্থানীয় নভংগা চোলাপাৰ গাঁৱৰ বাসিন্দা সকলৰ সৰলতাৰ সুযোগলৈ এতিয়া একাংশই লুণ্ঠন চলোৱাৰ অভিযোগ অঞ্চলটোৰ সচেতন ৰাইজৰ ৷ উল্লেখনীয় যে, মন্দিৰটোত স্থানীয় পূজাৰী এজন আছে যদিও তদাৰক কৰি পৰা নাই সা-সম্পত্তি ৷

মেৰামতি অভাৱত এতিয়া নষ্ট হোৱাৰ উপক্ৰম হৈছে বহু পুৰণি কালতে খোদিত দেব দেৱতাৰ মূৰ্তি থকা মন্দিৰ তিনিটা ৷ সেয়েহে আশ্ৰমখনি মেৰামতিৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ আনহাতে গঞা, কাশী, বৃন্দাবনলৈ যোৱা লেখীয়াকৈ নভংগা সন্ত আশ্ৰমলৈ আহিবলৈ ভক্ত প্ৰাণ ৰাইজক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়কঃ সদৌ বিটিএডি নাথ-যোগী সন্মিলনীৰ শপত গ্ৰহণ

Last Updated : Sep 3, 2022, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.