ETV Bharat / state

শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ল আন্তঃজিলা যাতায়ত সেৱা - অত্যাৱশ্যকীয় তথা জৰুৰী কালীন সেৱা

ৰাজ্যত আৰম্ভ হৈছে ক'ভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনাৰ আন এক নতুন SOP ৷ বন্ধ হ’ল আন্তঃজিলা যাতায়াত সেৱা ৷ কঠোৰ হ’ল আৰক্ষী-প্ৰশাসন ৷

new-sop-for-inter-district-communication
শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ল আন্তঃ জিলা যাতায়ত সেৱা
author img

By

Published : May 21, 2021, 9:37 PM IST

ধিং,21 মে': সমগ্ৰ দেশৰ লগতে অসমতো অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সময়ে সময়ে জাৰি কৰি আহিছে ক’ভিড নিৰ্দেশনা ৷ ৰাজ্যত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ক'ভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনাৰ আন এক নতুন SOP । এই নতুন SOP অনুসৰি পৰৱৰ্তী ১৫ দিনলৈ ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়াত সেৱা বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ৷

ৰাজ্যখনৰ আন জিলাৰ সমান্তৰালকৈ নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ অহা-যোৱা ৰাস্তা বন্ধ হৈ পৰিছে ৷ নগাঁও আৰু মৰিগাঁও জিলা সংযোগী মূল পথত শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা আৰক্ষীৰ কটকটীয়া তালাচী অভিযান অব্যাহত আছে ৷ এখন এখনকৈ প্ৰতিখন বাহনত কৰা হৈছে তন্ন তন্নকৈ তালাচী ৷ দুয়োখন জিলাৰ প্ৰতিজন লোকক অহা-যোৱা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ৷ সষ্টম হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন ৷ আৰক্ষীৰ তৰফৰ পৰা দুয়োখন জিলাৰ সীমামুৰীয়া মৈৰাবাৰী অঞ্চলৰ মূল ৰাজপথত বেৰিকেড লগোৱা হৈছে ৷ কেৱল মাত্ৰ অত্যাৱশ্যকীয় তথা জৰুৰীকালীন সেৱাৰ অনুমতি প্ৰদান কৰাৰ বাহিৰে আন সকলোকে ওভতাই পঠাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : সান্ধ্য আইনত স্তব্ধ চৌদিশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.