মৰিগাঁও, 30 ছেপ্টেম্বৰ : মৰিগাঁৱত সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওটে ৷ সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে ভৱনৰ উদ্বোধন কৰা এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা ৷ মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামীয়ে পৌৰহিত্য কৰা এই সভাখনৰ আঁত ধৰে সম্পাদক পিনাকী ভূষণ মহন্তই ৷ এই সভাখনত সভাপতিগৰাকীয়ে মন্তব্য কৰে যে, সাহিত্য সভাৰ নিজা বাসভৱনৰ অভাৱ দীৰ্ঘদিনীয়া আছিল আৰু এই অভাৱ পূৰণৰ বাবে সাহাৰ্য আগবঢ়োৱা সকলো শুভাকাংক্ষীকে ধন্যবাদ জ্ঞাপন কৰে তেওঁ ৷
আনহাতে, এই সভাতে ভূমি দাতা পৰিয়ালকো সম্বৰ্দ্ধনা জনোৱাৰ লগতে শশীকান্ত হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত মুক্তিযুদ্ধাগৰাকীৰ ভাতৃ দেৱেন্দ্ৰ নাথ হাজৰিকাই । মুকলি সভাখনত উপস্থিত থাকে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সম্পাদকসকলৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়া, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক সাহিত্যিক আৰু সাহিত্যানুৰাগী ৷ ভৱন উদ্বোধনীৰ মুকলি সভাখনত মুখ্য অতিথিৰূপে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই ।