ETV Bharat / state

Free Health camp:পৰিয়াল সু-স্বাস্থ্যৰ গৰাকী হ'লে দেশ সুৰক্ষিত হ'ব :ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা ডেলিনা খংডুপে - Gauhati Medical College Hospital

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যৰ মৰিগাঁও ভ্ৰমণ । তেওঁলোকে সঞ্জীৱনী সংঘৰ স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰে । মাতৃসকল সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিলেহে পৰিয়াল সুৰক্ষিত হ'ব বুলি মন্তব্য় কৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা ডেলিনা খংডুপেই ।

Free Health camp in Gopalkrishna Tea Garden
ৰাষ্ট্ৰীয় মহিলা আয়োগ
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:18 PM IST

মৰিগাঁও, ৯ ছেপ্টেম্বৰ :পাঁচদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা ডেলিনা খংডুপেই শনিবাৰে মৰিগাঁও জিলা ভ্ৰমণ কৰে । তেওঁ জিলাখনৰ জাগীৰোডৰ সমীপৰ গোপালকৃষ্ণ চাহ বাগিচাত অনুষ্ঠিত এটা স্বাস্থ্য সজাগতা আৰু পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰে । ইয়াৰ পিছতেই তেওঁ মৰিগাঁৱত থকা সমাজ কল্যাণ বিভাগৰ ৱান ষ্টপ চেন্টাৰ আৰু মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক সন্থা, সঞ্জীৱনী সংঘৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত অনুষ্ঠিত উক্ত স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰি আয়োগৰ সদস্যাগৰাকীয়ে কয় যে মাতৃসকল সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিলেহে পৰিয়াল সুৰক্ষিত হ'ব । পৰিয়াল সু-স্বাস্থ্যৰ গৰাকী হ'লে সমাজ তথা দেশ সুৰক্ষিত হ'ব বুলি তেওঁ মন্তব্য় কৰে । তেওঁ এনে কাৰ্যসূচীৰ শলাগ লৈ কয় যে চাহ বাগিচাৰ বনুৱাসকল বিশেষকৈ মহিলাসকলে বিভিন্ন সমস্যাৰ বাবে শাৰীৰিক অসুস্থতা স্বত্বেও চিকিৎসালয়লৈ যাব নোৱাৰে । তেনে মহিলাসকলৰ বাবে এই স্বাস্থ্য শিবিৰসমূহ যথেষ্ট উপযোগী হিচাপে বিবেচিত হয় । ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা ডেলিনা খংডুপেই স্বাস্থ্য সজাগতাৰ দৰে মহিলাসকলৰ বাবে আইনী সজাগতা শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

মহিলাসকল আগবাঢ়িলেহে দেশ আগবাঢ়িব বুলি উল্লেখ কৰি আয়োগৰ সদস্যগৰাকীয়ে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ সম্পৰ্কীয় সজাগতা অনুষ্ঠানৰ আয়োজন কৰাৰো পোষকতা কৰে । এই অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শাশ্বতী সান্যাল চৌধুৰীয়ে ছোৱালীৰ ৰক্তহীনতাৰ সমস্যা নোহোৱা কৰাৰ বাবে প্ৰথম ঋতুস্ৰাৱৰ পৰাই নিয়মীয়াকৈ আয়ৰণ টেবলেট খুওৱাৰ লগতে গৰ্ভাৱস্থাত নিয়মীয়া স্বাস্থ্য পৰীক্ষা, মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যা আদিৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ।

এই অনুষ্ঠানটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডাঃ যুতিকা ওজাই জন্মৰ পিছত শিশু এটিৰ বাবে মাকৰ গাখীৰৰ প্ৰয়োজনীয়তা আৰু এইক্ষেত্ৰত ল'বলগীয়া সচেতনতা সন্দৰ্ভত বক্তব্য আগবঢ়ায় । অনুষ্ঠানটোৰ আঁত ধৰে সঞ্জীৱনী সংঘৰ সম্পাদক ডাঃ মৌচুমী শইকীয়া পাঠকে । অনুষ্ঠানটোত সংঘৰ সভানেত্ৰী ডাঃ মঞ্জুৰী শৰ্মা, ডাঃ উমা কায়মল, ডাঃ পাৰুল দত্ত, ডাঃ উমা শৰ্মা আৰু ডাঃ দীপ্তিময়ী দেৱীয়ে স্বাস্থ্য সম্পৰ্কীয় দিহা পৰামৰ্শ আগবঢ়ায় । শিবিৰটোত বিশেষজ্ঞ চিকিৎসকসকলে অঞ্চলটোৰ ভালেসংখ্যক শিশু আৰু মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ পাতি আৰু সামগ্ৰী আগবঢ়ায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.