ETV Bharat / state

স্বপন কুমাৰ মণ্ডলৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰদ্যুৎ বৰদলৈৰ

79 নং জাগীৰোড বিধানসভা সমষ্টিৰ কুৰাণীবৰীত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ হৈ প্ৰচাৰ চলালে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বিধায়ক পীযুষ হাজৰিকাক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, অসমত ছিণ্ডিকেটৰ প্ৰধান নেতা পীযুষ হাজৰিকা ৷ ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে বিজেপি চৰকাৰে ৷ বিজেপিয়ে গুণ্ডাগিৰি কৰি কংগ্ৰেছ কৰ্মীসকলক ভয়-ভাবুকি দিবলৈ ধৰিছে ৷

author img

By

Published : Mar 24, 2021, 4:14 PM IST

স্বপন কুমাৰ মণ্ডলৰ হৈ প্ৰচাৰ চলালে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

মৰিগাঁও,24 মাৰ্চ: জাগীৰোডত পীযুষ হাজৰিকাৰ ভেটিত কঁপনি তুলি কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত ৷ 79 নং জাগীৰোড বিধানসভা সমষ্টিৰ কুৰাণীবৰীত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ হৈ প্ৰচাৰ চলালে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বিধায়ক পীযুষ হাজৰিকাক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, অসমত ছিণ্ডিকেটৰ প্ৰধান নেতা পীযুষ হাজৰিকা ৷ ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে বিজেপি চৰকাৰে ৷ বিজেপিয়ে গুণ্ডাগিৰি কৰি কংগ্ৰেছ কৰ্মী সকলক ভয়-ভাবুকি দিবলৈ ধৰিছে । গতিকে কংগ্ৰেছ দল আহিলে এই সকলো সমস্যা দূৰ হ'ব ৷

উল্লেখ্য যে, জাগীৰোড সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদ্যুৎ বৰদলৈয়ে ৰাইজক বিজেপিৰ ধনবলত ভোল নাযাবলৈ আহ্বান জনায় ৷ সাংসদ গৰাকীয়ে কয়, বিজেপিয়ে এইবাৰ ৰাইজৰ ভোট নাপায়, গতিকে টকাৰে ভোট কিনাৰ ৰাজনীতি কৰিছে বিজেপিয়ে ৷ বিজেপি হৈছে এটা অসুৰৰ দল । এই অসুৰক এইবাৰ বধ কৰিবৰ সময় হ’ল । কংগ্ৰেছৰ নেতৃত্বত সেয়ে মহাজোঁটৰ চৰকাৰে মহিষাসুৰৰূপী বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ সংকল্প লৈছে । ইফালে সমষ্টিটোত ৰাইজৰ উপস্থিতি দেখি উৎফুল্লিত হৈ পৰিছে বৰদলৈ ।

লগতে পঢ়ক: ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.