ETV Bharat / state

MoU signed in Tezpur university: তেজপুৰ বিশ্ববিদ্যালয়ত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামত এখন আসন সংৰক্ষণ

author img

By

Published : Jun 28, 2023, 5:54 PM IST

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাব চান্দ কাটাৰিয়া আৰু বি টি চি ৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৰ উপস্থিতিত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামত এখন আসনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷

MoU signed in Tezpur university in the name of Upendra Nath Brahma
তেজপুৰ বিশ্ববিদ্যালয়ত উপেন্দ্র নাথ ব্ৰহ্মৰ নামত আসনৰ বুজাবুজি চুক্তিৰ স্বাক্ষৰ

তেজপুৰ, ২৮ জুন : বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে মঙলবাৰে তেজপুৰত বিটিচি প্ৰশাসনৰ হৈ বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামত বছৰি পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীলৈ বিশেষ স্ক’লাৰশ্বিপৰ ঘোষণা কৰে । তেজপুৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিবেচনা কৰি এই বিশেষ স্ক’লাৰশ্বিপ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব বুলি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে ঘোষণা কৰে ।

এই অনুষ্ঠানৰ লগতে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাব চান্দ কাটাৰিয়া আৰু বি টি চি ৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৰ উপস্থিতিত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামত এখন আসনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ৷ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ভাষণ প্ৰসংগত কয় যে, বড়ো জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত ই এক বৃহৎ পদক্ষেপ ৷ ই অতি গুৰুত্বপূৰ্ণ ৷

আনহাতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভু নাথ সিঙে কয় যে, বড়ো জনগোষ্ঠীৰ সংগ্ৰামৰ বিষয়ে মই ইমান ভালদৰে নাজানো কিন্ত বৰ্তমান জিলাখনত শান্তি ঘূৰি অহাৰ পিচত ভৱিষ্যত প্ৰজন্মৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । বুজাবুজি চুক্তিত তেজপুৰ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ডঃ বীৰেণ দাস আৰু ধীৰাজ সাউদে স্বাক্ষৰ কৰে ৷
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিটিচিৰ উচ্চ পদস্থ বিষয়া আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শোণিতপুৰ জিলা প্ৰশাসনৰ লোকো উপস্থিত থাকে । উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ে কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে ।

কেইদিনমান পূৰ্বে তেজপুৰ বিশ্ববিদ্যালয়ৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত হোৱা এক বৈঠকত অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে ৷ কাৰণ তেজপুৰ ভূ-ৰাজনৈতিকভাৱে চীনৰ কাষতে অৱস্থিত আৰু ইয়াত ভাৰতীয় সেনাৰ 4 Corps লগতে প্ৰতিৰক্ষা গৱেষণাগাৰো (Defence Research Laboratory) আছে ৷

লগতে পঢ়ক: Tezpur University: তেজপুৰ বিশ্ববিদ্যালয় ৰাজ্যপাল কাটাৰিয়া আৰু বিটিচি প্ৰধান প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.