ETV Bharat / state

AHSEC result 2023: একেলগে উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ কৰিলে মাতৃ কন্যাই

author img

By

Published : Jun 9, 2023, 10:38 AM IST

মৰিগাঁৱৰ অংগনবাড়ী কৰ্মী নুৰনাহা আলমে এইবছৰ নিজ কন্যাৰ সৈতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ শেহতীয়াকৈ ঘোষণা কৰা ফলাফলত নুৰনাহা আলমে ভূগোল বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে (Mother daughter duo passed HS exam 2023) । সপোন দেখিছে স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ ।

mother daughter duo passed hs exam 2023
উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা
মাতৃ-কন্যা একলগে উত্তীৰ্ণ হ’ল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত

মৰিগাঁও, 9 জুন : মৰিগাঁৱৰ এটা পৰিয়ালৰ বাবে এইবছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আছিল কিছু বিশেষ, কিয়নো মাতৃ-কন্যা দুয়ো একেলগে অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৷ ফলাফল ঘোষণা হোৱাৰ পিচত দুয়োৰে ৰিজাল্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ মাক-জীয়েক একেলগে উত্তীৰ্ণ হোৱাত প্ৰশংসিত হৈছে দুয়ো ৷ কেৱল উত্তীৰ্ণ হোৱাই নহয় একেটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিছে মৰিগাঁও চহৰৰ মিলনপুৰৰ দুই মাতৃ-কন্যাই । মাতৃৰ নাম নুৰনাহা আলম আৰু কন্যাৰ নাম নেইনা আফুজা আলম (Mother daughter duo passed HS exam 2023) ।

মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ ভূৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ মৰিগাঁও টাউন চক্ৰৰ মিলনপুৰ অংগনবাড়ী কেন্দ্ৰৰ এগৰাকী কৰ্মী নুৰনাহা আলম । অংগনবাড়ী কেন্দ্ৰত কৰ্মৰত হৈয়ো নগাবন্ধা চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ভূগোল বিষয়ত লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে নুৰনাহাই । নুৰনাহা আলমে ক্ৰমে ইংৰাজীত 62, ৰাজনীতি বিজ্ঞানত 59, ভূগোলত 83, নৃতত্ত্ব বিজ্ঞানত 71, অসমীয়াত 70, শিক্ষা তত্বত 48 নম্বৰ লাভৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় (HS exam 2023) ।

অংগনবাড়ী কৰ্মী নুৰনাহাৰ এই ঈৰ্ষণীয় ফলাফলৰ আঁৰত হাত আছে স্বামী আৰু কন্যাৰ । এই কথা নিজেই সদৰী কৰে নুৰনাহা আলমে । হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰৱল ইচ্ছা থকাৰ বাবেই গোটেই নিশা পঢ়ি অৱতীৰ্ণ হৈছিল পৰীক্ষাত । প্ৰত্যেক নিশাই কৰা কষ্টৰ বাবেই সুন্দৰ ফলাফল পাবলৈ সক্ষম হৈছে মাতৃ নুৰনাহা আলমে । এই কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

মুখ্যমন্ত্ৰী লৈ নুৰনাহা আলমে দৰমহা বৃদ্ধি কৰাৰ বাবে আহ্বান জনোৱা উপৰিও ৰাজ্যৰ অংগনবাড়ী কৰ্মী সকলৰো কৰ্ম ব্যস্ততাৰ মাজতে শৈক্ষিক জীৱনটো আগুৱাই লৈ যাবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালে । মিলনপুৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী নুৰনাহা আলমৰ এই ফলাফলত অতিকৈ আনন্দিত হৈছে কেন্দ্ৰটোৰ সহায়িকা গৰাকীও । একেদৰে আধৰুৱা সপোন পূৰণ কৰাৰ বাবে নুৰনাহা আলমৰ মাতৃও আনন্দিত । ইয়াৰ বিপৰীতে নুৰনাহা আলমৰ জীয়ৰী তথা নিয়মীয়া ছাত্ৰী নেইনা আফুজা আলম মাতৃৰ এই ফলাফলৰ বাবে পৰম আহ্লাদিত ।

ভৱিষ্যতে এগৰাকী স্বাস্থ্য কৰ্মী হোৱাৰ সপোন সাঁচি ৰখা নুৰনাহা আলমৰ জীয়ৰী নেইনা আফুজাই মাতৃৰ লেখীয়াকৈ ভূগোল বিষয়ত 81 নম্বৰ লৈ লেটাৰ পাবলৈ সক্ষম হয় । একেদৰে ইংৰাজীত 52, অতিৰিক্ত ইংৰাজীত 72, ৰাজনীতিত বিজ্ঞানত 70, নৃতত্ব বিজ্ঞানত 76 লাভৰে মুঠ 70 % নম্বৰ লাভ কৰে সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ মৰিগাঁও চহৰৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বই বিহুৱান, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি পত্ৰৰে আদৰণি জনাইছে দুয়োকে ।

লগতে পঢ়ক : Balasore train accident : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত আহত হোৱা ৰূপক দাস উপস্থিত হ’ল বিশ্বনাথ চাৰিআলিৰ নিজ গৃহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.