ETV Bharat / state

Self dependent: চাকৰিমুখী নহৈ মৰিগাঁৱৰ পৰাশে দেখুৱালে স্বাৱলম্বনৰ অন্য পথ - example of self dependent

আমাৰ চাৰিওফালে বৰ্তমান সময়ত বহু যুৱক-যুৱতী দেখা পোৱা যায়, যি নিজৰ জীৱিকাক লৈ হতাশ হৈ পৰিছে অথবা এটা চাকৰিৰ বাবে হাবাথুৰি খাই আছে ৷ কিন্তু চাকৰিয়েই জানো জীৱিকাৰ একমাত্ৰ সম্বল ৷ কেৱল চাকৰিতে উপাৰ্জনৰ পথ থাকে নে ? চাকৰিৰ বাহিৰেও জানো উপাৰ্জনৰ উপায় নাই ! মৰিগাঁৱৰ পৰাশে দেখুৱালে স্বাৱলম্বনৰ উদাহৰণ (Example of self dependent) ৷

Ways of Self earning
Example of self dependent
author img

By

Published : Mar 30, 2023, 9:32 PM IST

চাকৰিমুখী নহৈ মৰিগাঁৱৰ পৰাশে দেখুৱালে স্বাৱলম্বনৰ অন্য পথ

মৰিগাঁও, 30 মাৰ্চ: এটা চাকৰি লাগে, পঢ়া সাং কৰাৰ পূৰ্বেই প্ৰতিটো ল’ৰাৰ মনলৈ আহে এই চিন্তা ৷ ইমান দিনে ঘৰৰ খৰচত পঢ়া-শুনা কৰিলে, এতিয়া চাকৰি এটা কৰি ঘৰখনক কিছু সকাহ দিব লাগে ৷ চৰকাৰী চাকৰি হ’লেতো কথাই নাই ৷ এই চিন্তা লৈয়েই হাজাৰ-বিজাৰ শিক্ষিত যুৱকে পূৰণ কৰে চাকৰি প্ৰাৰ্থীৰ তালিকা ৷ আমাৰ মানুহৰ চিন্তাবোৰ কোনোবা সময়ত এনেকুৱা হয়গৈ যে, চাকৰি নহ’লে জীৱনটো অসাৰ বুলি ভাবিবলৈ বাধ্য হয় বহু নিবনুৱা যুৱক (Unemployment in India) ৷

চাকৰিৰ পম খেদি খেদি এসময়ত বহু যুৱক হতাশ হৈ পৰে, বিকল্প পথ বিচাৰে উপাৰ্জনৰ বাবে ৷ দুৰ্ভাগ্যজনকভাৱে ইয়াৰে বহুজন বিপথগামীও হয় ৷ খেতি, ক্ষুদ্ৰ উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায় আদিৰ জৰিয়তেও জানো আমি স্বাৱলম্বী হ’ব নোৱাৰোঁ ৷ পথাৰ আমাৰ বজাৰো আমাৰ, কৰ্মই ধৰ্ম আদি শ্ল’গানবোৰ কেৱল শ্ল’গান হৈয়েই ৰ’ব, নে আমি তাক বাস্তৱ ৰূপ দিয়াৰ চিন্তা কৰিম ? বহু যুৱকে চাকৰি এটাৰ আশা খামুচি বহি থকাৰ সময়তে আন একাংশ যুৱকে কিন্তু স্বাধীন ব্যৱসায়, খেতি আদিৰে জীৱিকাৰ বাট বুলিবলৈ আৰম্ভ কৰিছে (Ways of Self earning) ৷

মৰিগাঁৱৰ এজন শিক্ষিত যুৱকৰ এক প্ৰচেষ্টাই শেহতীয়াকৈ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ পৰা ৷ মৰিগাঁও গড়মাৰীৰ পৰাশ আমফি নামৰ যুৱকজনে চাকৰিৰ সপোন এৰি নিজাকৈ আৰম্ভ কৰিলে এক ব্যৱসায় ৷ পূৰ্বে ব্যক্তিগতখণ্ডৰ এটা বেংকত চাকৰি কৰিছিল পৰাশে ৷ কিন্তু সেই চাকৰি ত্যাগ কৰি তেওঁ আৰম্ভ কৰিলে ক্লিনিং পাৰ্টনাৰ্চ নামেৰে এক ব্যতিক্ৰমী ব্যৱসায় ৷ লগত সাৰথি কৰি ল’লে আন দুজন যুৱকক ৷ ব্যতিক্ৰমী চিন্তাৰে পৰাশে আৰম্ভ কৰা এই ব্যৱসায় হৈছে চাফাই বা ক্লিনিঙৰ (Morigaon youth self dependent news) ৷

পানী টেংকি, শৌচাগাৰ, পানীৰ পাইপ, ঘৰৰ ফ্ল’ৰ, আচবাব, গাড়ী আদি চাফা কৰে তেওঁলোকে ৷ মুঠ আঠটা মান ক্নিনিঙৰ সুবিধা প্ৰদান কৰা পৰাশ নিজৰ কামকলৈ যথেষ্ট সুখী ৷ চাকৰি বাদ দি নিজাকৈ উপাৰ্জনৰ পথৰ সন্ধান কৰা পৰাশৰ এই ব্যৱসায় কেৱল মৰিগাঁৱতে সীমাবদ্ধ নহয় ৷ নগাঁও জিলাৰ লগতে কাষৰীয়া আন ঠাইলৈও এই ব্যৱসায় বিস্তাৰ কৰিবলৈ সক্ষম হৈছে তেওঁ (Morigaon cleaning partners) ৷

লগতে পঢ়ক: Rupjyoti slams opposition: অহা 30 বছৰলৈ শাসনলৈ আহিব নোৱাৰে বিৰোধী: ৰূপজ্যোতি কুৰ্মী

এষাৰ কথা আছে, বাণিজ্যে বসতি লক্ষ্মী, নিজৰ কৰ্মৰ জৰিয়তে সেই কথাকেই যেন প্ৰতিপন্ন কৰি দেখুৱাইছে এইজন যুৱকে ৷ নিজৰ লগতে আজি আন দুজন লোককো সংস্থাপন দি জীৱিকাৰ সন্ধান দিবলৈ সক্ষম হোৱা পৰশ, চাকৰি বিচাৰি হাবাথুৰি খোৱা বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.