মৰিগাঁও, 30 জানুৱাৰী : মৰিগাঁৱত অব্যাহত আছে তীৰ মাফিয়াৰ দপদপনি । বৃহস্পতিবাৰে মৰিগাঁও মিকিৰভেটা আৰক্ষীয়ে আটক কৰে তিনিটা তীৰ বুকীক । অভিযোগ মতে মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত শিলপুখুৰী অঞ্চলত দীৰ্ঘ দিন ধৰি অব্যাহত ৰাখিছিল অবৈধ তীৰৰ বেহা ৷ দীৰ্ঘ দিন ধৰি তীৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা তীৰ বুকীৰ পৰা উদ্ধাৰ কৰে বহু আপত্তিজনক সামগ্ৰী । মিকিৰভেটা আৰক্ষীয়ে শিলপুখুৰী বজাৰৰ পৰা তীৰ নম্বৰৰ সহ নগদ ধন আৰু লগতে তিনিটা ম'বাইল ফোন জব্দ কৰে । ধৃত তীৰ বুকি কেইজন ক্ৰমে আব্দুল মজিদ, নুৰুল ইছলাম, জামালউদ্দিন বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ।
আৰু পঢ়ক : মৰিগাঁৱত ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ’ল এজনৰ