ETV Bharat / state

State Teacher Award 2023: কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ শিক্ষক প্ৰদীপ কুমাৰ পাটৰ - Teacher Award 2023

জীৱনজোৰা শিক্ষকতাৰে সমাজলৈ অনবদ্য অবদান আগবঢ়োৱাৰ বাবে মৰিগাঁও জিলা মাধ্যমিক শিক্ষা বিভাগৰ অলকাপুৰ এছ এছ কে মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষক প্ৰদীপ কুমাৰ পাটৰ ২০২৩ বৰ্ষৰ কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলগীয়া আগন্তুক শিক্ষক দিৱসৰ দিনা প্ৰদান কৰা হ’ব এই বিশেষ সন্মান ।

State Teacher Award 2023
মৰিগাঁৱৰ শিক্ষক প্ৰদীপ কুমাৰ পাটৰ
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 8:37 AM IST

মৰিগাঁও, ৩ ছেপ্টেম্বৰ : মৰিগাঁওবাসীৰ বাবে এক সুখবৰ ৷ মৰিগাঁও জিলাৰ অলকাপুৰ এছ এছ কে মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষক প্ৰদীপ কুমাৰ পাটৰে লাভ কৰিছে চলিত বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৩ । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলগীয়া আগন্তুক শিক্ষক দিৱসৰ দিনা শিক্ষক প্ৰদীপ কুমাৰ পাটৰক এই বঁটা প্ৰদান কৰা হ’ব ৷ এই বাতৰি লাভ কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে শিক্ষক প্ৰদীপ কুমাৰ পাটৰৰ লগতে শিক্ষক সমাজ ৷

২০২৩ বৰ্ষৰ কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে শিক্ষকগৰাকীক মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হৈছে । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক বাৰ্তাযোগে কয়, ‘‘শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ তেওঁ যিদৰে সেৱাৰ মনোভাৱেৰে কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰিছে, নিশ্চিতভাৱে তেওঁৰ প্ৰতি এই স্বীকৃতিয়ে কেৱল শিক্ষক সমাজক উৎসাহিত কৰাই নহয়, বৰং সমগ্ৰ জিলাখনকে ৰাজ্যিক প্ৰেক্ষাপটত উজলাই তুলিব’’ ।

ইয়াৰ লগতে জিলা আয়ুক্তগৰাকীয়ে কৃতী শিক্ষকগৰাকীক অভিনন্দনো জ্ঞাপন কৰিছে ।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মাধ্যমিক শাখাত ৰাজ্যখনৰ ২১ গৰাকী শিক্ষক, উচ্চ প্ৰাথমিক শাখাত দুগৰাকী আৰু নিম্ন প্ৰাথমিক শাখাত ১৩ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা ২০২৩ আগবঢ়াইছে । ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা প্ৰদীপ কুমাৰ পাটৰ শিক্ষকতাৰ সমান্তৰাল কৈ কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰি শৈক্ষিক ক্ষেত্ৰৰখনৰ সমান্তৰাল কৈ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ ভঁড়াল টনকীয়াল কৰিছে ।

এগৰাকী কৃতী শিক্ষক প্ৰদীপ কুমাৰ পাটৰে শৈক্ষিক, সাহিত্য, সামাজিক-সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শিক্ষক সন্থাৰ লগতে একাধিক দল সংগঠনৰ পৰা বহু বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Rahul Gandhi slams BJP: কোটিপতিক লাভান্বিত কৰাৰ বাবে কাম কৰে বিজেপিয়ে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.