মৰিগাঁও,27 মাৰ্চঃ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰি থকা সময়তে ৰাজ্য চৰকাৰে অসমৰ ৰাইজক এই দুৰ্যোগৰ সময়ত সহায় কৰিবলৈ অসম আৰোগ্য নিধিৰ ঘোষণা কৰিছে ৷ অসমৰ ৰাইজক দূৰ্যোগৰ সময়ত সহায় কৰিবলৈ অসম চৰকাৰৰ অসম আৰোগ্য নিধিৰ পুঁজিলৈ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্তশঙ্কৰদেৱ শংঘৰ তৰফৰ পৰা এক লাখ টকা আগবঢ়াইছে ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে শ্ৰীমন্তশংকৰদেৱ শংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই । লগতে প্ৰধান সম্পাদক গৰাকীয়ে প্ৰতিখন জিলা সমিতিক নিজৰ নিজৰ আঞ্চলিক সমিতি সকলৰ জৰিয়তে অতি দৰিদ্ৰ পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনাই ৷ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে আহ্বান জনোৱা ল’ক ডাউন সময় ছোৱাত সকলো ৰাইজকে ঘৰতে থাকিবলৈ আহ্বান জনাই সম্পাদক গৰাকীয়ে ৷
COVID-19: অসম আৰোগ্য নিধিলৈ শ্ৰীমন্তশংকৰদেৱ সংঘৰ অনুদান
সমগ্ৰ বিশ্ব এতিয়া গভীৰ সংকটত । ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ল'বলগীয়া সকলো পদক্ষেপ ল'বলৈ আহবান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ । অসম আৰোগ্য নিধিলৈ এক লাখ টকা অনুদান শ্ৰীমন্তশংকৰদেৱ সংঘৰ । শুকুৰবাৰে এই বিষয়ে সদৰী কৰে প্ৰধান সম্পাদক বাবুল বৰাই ।