মৰিগাঁও,27 আগষ্টঃ অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৷ মঙলবাৰে ৰাজ্যৰ ৫২খন জিলা সমিতিৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ ৷
দশক দশক ধৰি অসমৰ আৰ্থসামাজিক ধবংসৰ কাৰক এই সমস্যাক কেন্দ্ৰ চৰকাৰে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ দাবী জনায় সংঘৰ বিষয়ববীয়া সকলে৷