মৰিগাঁও, 3 জুলাই : শুকুৰবাৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে সংবাদমেল সম্বোধন কৰি পাঠাক গুলীয়াই আহত কৰা ঘটনা সন্দৰ্ভত বাখ্যা আগবঢ়ায় ৷ কিয়, ক'ত, কেনেকৈ শিশু ধৰ্ষণ আৰু হত্যাকাৰী অভিযোগত অভিযু্ক্ত পাঠাক গুলীয়াই আহত কৰিবলগীয়া হ'ল সেই বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ জিলাখনৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোঙাৰ ঘটনাস্থলীলৈ নিয়া হৈছিল অভিযুক্ত পাঠাক ।
সেই সময়তে সুযোগ গ্ৰহণ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল পাঠায়ে ৷ যাৰ বাবে আৰক্ষীয়ে ভৰিত গুলীয়াই পাঠাক আহত কৰিবলৈ বাধ্য হয় ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ পাচতে পাঠাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নিশাৰ ভাগতে গুৱাহাটীৰ GMCH লৈ প্ৰেৰণ কৰা হয় ৷ পাঠাৰ বিৰুদ্ধে এগৰাকী শিশু ধৰ্ষণ কৰাৰ অভিযোগত মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 376 (POSCO) গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ শুকুৰবাৰে আৰক্ষীৰ জেৰাত ধৰ্ষণৰ ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ঘটনাস্থলীলৈ নিয়া হৈছিল ধৃত ধৰ্ষণ আৰু হত্যাকাৰী পাঠাক ৷
লগতে পঢ়ক: শিৱসাগৰবাসীক সাক্ষী কৰি নিষ্ঠা আৰু সততাৰ পণ ল'লে অখিলে গগৈয়ে