ETV Bharat / state

প্ৰসংগ ৰাজীৱ নেওগ হত্যাকাণ্ডঃ মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল - জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা

মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ সংবাদমেল ৷ ৰাজীৱ নেওগৰ হত্যাকাণ্ডৰ শেহতীয়া তথ্য সন্দৰ্ভত অধীক্ষক গৰাকীৰ সংবাদমেল ৷

Morigaon SP Press Meet On Rajib Neog Murder
মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল
author img

By

Published : Oct 7, 2020, 3:58 PM IST

মৰিগাঁও, 7 অক্টোবৰ : গুৱাহাটীৰ ব্যৱসায়ী ৰাজীৱ নেওগৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰছিদুল ইছলাম পুনৰ আৰক্ষীৰ জালত । নিশা অভিযান চলাই মৰিগাঁও-দৰং জিলাৰ সীমান্তৱৰ্তী গৰুখুটি চৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৰছিদুল ইছলামক ৷

মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল

উল্লেখ্য যে,কাৰাবন্দী হৈ থকা ৰছিদুল ইছলাম চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিচত পলাবলৈ সক্ষম হৈছিল ৷ কিন্তু মৰিগাঁও আৰক্ষীয়ে পুনৰ অভিযান চলাই অভিযুক্ত ৰছিদুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ সংবাদমেল ৷

লগতে পঢ়ক : নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ

ঘটনাৰ বিৱৰণ অনুসৰি,ছমাহ পূৰ্বে গুৱাহাটীৰ ৰাজীৱ নেওগ নামৰ এজন ব্যৱসায়ীক মায়ঙৰ পৰা কোম্পানীৰ কেইখনমান JCBৰ পৰা পাব লগা ধন নিবলৈ মৰিগাঁও জিলাৰ মায়ঙলৈ আহিছিল । অভিযাগ অনুসৰি, টকা লোৱাৰ পিচতে গুলীয়াই হত্যা কৰিছিল লোকজনক । আনকি,গুলিয়াই হত্যা কৰাৰ পিচতে টুকুৰা-টুকুৰকৈ কাটি বস্তাত ভৰাই নদীৰ পাৰত শিলৰে জাপি পুতি থৈছিল লোকজনক ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল হত্যাকাৰী ৰছিদুল ইছলামক ৷

উল্লেখযোগ্য যে,কাৰাগাৰৰ পৰা শাৰীৰিক অসুস্থতাৰ গইনালৈ বিগত সপ্তাহত মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ মাজতে দুই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি প্ৰথমে মায়ঙৰ নিজা ঘৰলৈ যায় । ইয়াৰ পিচতে ব্ৰহ্মপুত্ৰ পাৰ হৈ দৰং-মৰিগাঁও সীমান্তৱৰ্তী গৰুখুটি চৰত আত্মগোপন কৰি আছিল অভিযুক্ত ।

লগতে পঢ়ক : চৰকাৰী আঁচনীয়ে ঢুকি নোপোৱা এজন ব্যক্তি

মন কৰিবলগীয়া যে,মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ বিচক্ষণতাৰে দৰঙৰ কেইজনমান আৰু একাংশ চৰবাসীৰ সহযোগিতাত পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে বুধবাৰে এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনা সদৰি কৰি কয় যে, অভিযুক্ত গৰাকীয়ে এটা বৃহৎ ডকাইতি চক্ৰৰ সৈতে জড়িত হৈ হত্যাৰ উপৰিও বহুকেইটা অপৰাধৰ লগত নাম সাঙোৰ খাই আছে ।

আৰক্ষী অধীক্ষক গৰাকীয়ে এই সন্দৰ্ভত প্ৰহৰাৰ দায়িত্বত থকা আৰক্ষী হাবিলদাৰ দীপক নাথ আৰু কনিষ্টবল নুৰুল আমিনক নিলম্বিত কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : মাজনিশাই গুৱাহাটী লৈ অনা হ'ল পি কে দত্তক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.