ETV Bharat / state

মৰিগাঁৱত পথ দুৰ্ঘটনা,নিহত 1

author img

By

Published : Nov 23, 2020, 1:32 PM IST

মৰিগাঁৱৰ কাঁহিবাৰী গাঁৱত দেওবাৰে নিশা সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাতেই বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী এখন বলেৰ’ বাহনে তেখেতক মহতিয়াই থৈ যায় নাৰায়ন ব্ৰে নামৰ এজন লোকক ৷

as_mrg_805_accident_img_as10005
মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত 1

মৰিগাঁও, 23 নৱেম্বৰঃ দেওবাৰে নিশা মৰিগাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ তীব্ৰেবেগী বলেৰ’ বাহনে মহটিয়াই নিয়ে এজন চাইকেল আৰোহীক ৷ ফলত ঘটনাস্থলীতে কৰুণ মৃত্যু সাঁৱতি লয় নাৰায়ন ব্ৰে নামৰ আৰোহীজন ৷

as_mrg_805_accident_img_as10005
দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ নম্বৰপ্লেট

ঘটনা অনুসৰি মৰিগাঁৱৰ কাঁহিবাৰী গাঁৱত দেওবাৰে নিশা আঠমান বজাত চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাতেই বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী এখন বলেৰ’ বাহনে মহতিয়াই থৈ যায় নাৰায়ন ব্ৰেক ৷ ফলত থিতাতে মৃত্যু হয় নাৰায়নৰ ৷ আনহাতে,দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনৰ চালকে পলোৱাৰ চেষ্টা চলায় যদিও নাৰায়ন ব্ৰেৰ চাইকেলখন গাড়ীত লাগি যায় ৷ ফলত চাইকেলখন প্ৰত্যক্ষ কৰিয়েই একাংশ স্থানীয় লোকে বাহনখন আগভেটি ধৰি চালক জনক উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷

লগতে পঢ়ক-তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.