ETV Bharat / state

বিশ্ব শান্তিৰ কামনাৰে মৰিগাঁৱত ভাগৱত পাঠ আৰু ব্যাখ্যা

মৰিগাঁৱত গোণামাৰাত অনুষ্ঠিত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সামৰণি। ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠান সোমবাৰে অন্ত পৰে। বিশ্ব শান্তি আৰু কৰ'ণাৰ মহামাৰীৰ বিনাশৰ কামনাৰে ভাগৱত পাঠ অনুষ্ঠান আয়োজন কৰা হয়।

author img

By

Published : Oct 13, 2020, 1:30 PM IST

বিশ্ব শান্তিৰ কামনাৰে মৰিগাঁৱত ভাগৱত পাঠ আৰু ব্যাখ্যা
বিশ্ব শান্তিৰ কামনাৰে মৰিগাঁৱত ভাগৱত পাঠ আৰু ব্যাখ্যা

মৰিগাঁও, ১৩ অক্টোবৰ: বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ মহান উদ্দেশ্যৰে মৰিগাঁৱৰ গোণামাৰাত আয়োজন কৰা ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠানৰ সোমবাৰে অন্ত পৰে। গোণামাৰা নামঘৰত ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল ভাগৱত পাঠ অনুষ্ঠান। কৰ'ণাৰ মহামাৰীৰ প্ৰভাৱৰ পৰা সমগ্ৰ বিশ্ববাসীক মুক্ত কৰিবলৈ ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায় ভকত বৃন্দই। শ্ৰীমদ্ভাগৱতৰ শ্লোক, ঘোষা পদ তথা নীতি বচনেৰে মুখৰিত হৈ পৰে সমগ্ৰ গোণামাৰা অঞ্চল।

জনপ্ৰিয় নামতি বাবুলি কলিতাৰ থিয় নাম, শ্যমন্ত মণি বৰদলৈৰ সাৱলীল বাখ্যা আৰু ভাগৱত শোভাযাত্ৰাই অঞ্চলটোত এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰে। বিগত বৰ্ষসমূহৰ বিপৰীতে এইবাৰ COVID-19ৰ বাবে নিৰ্ধাৰিত স্বাস্থ্য বিধি মানি এই বণাৰ্ঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। পৰম্পৰা অনুসৰি প্ৰথম দিনা পুৱা ঊষাকীৰ্তন, পানী তোলা, ধৰ্মধ্বজা উত্তোলন, খোল প্ৰসংগ, ঘোষা-প্ৰাৰ্থনা আৰু আয়তীৰ মংগল উৰুলিৰে শ্ৰীমদ্ভাগৱতৰ পাঠ আৰু বাখ্যা অনুষ্ঠানৰ শুভাৰম্ভণি হয়। যুৱ প্ৰজন্মৰ স্খলনৰ বিপৰীত ছবি দাঙি ধৰি অঞ্চলটোৰ যুৱক-যুৱতীসকলও সম্পূৰ্ণ সহযোগিতা আগবঢ়াই এই ধৰ্মীয় কাৰ্যসূচীত।

সন্ধিয়া বন্তি প্ৰজ্বলন কৰে এজাৰবাৰীৰ মানৱ দৰদী যুৱ সমাজ সেৱক মতিৰাম দেউৰী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতি উপদেষ্টা ললিত চন্দ্ৰ পাচনিয়ে।এনে এক ভক্তি মূলক, আধ্যাত্মিক অনুষ্ঠানত ৰাইজে আমন্ত্ৰণ জনাই পূৰ্ণ্য অৰ্জনৰ সুবিধা দিয়াৰ বাবে সকলো ভক্ত-বৈষ্ণৱ, সাধু-সন্তৰ ওচৰত চিৰ কৃতজ্ঞ বুলি ললিত চন্দ্ৰ পাচনিয়ে মন্তব্য কৰে। সমাজত সংঘটিত হৈ থকা অপৰাধজনিত ঘটনাৰ ওৰ পেলাবলৈ আৰু ভাতৃত্ববোধৰ এনাজৰীৰে সকলোকে বান্ধি ৰখাৰ কামনাৰে ভাগৱত পাঠ অনুষ্ঠান আয়োজন কৰি ভগৱানক সেৱা জনাইছে বুলি প্ৰকাশ কৰিছে উদযাপন সমিতিৰ বিষয়-ববীয়া তথা সমাজ সেৱক মনো ডেকাই।

লগতে পঢ়ক: চাকৰি নিয়মীয়াকৰণ নকৰিলে চৰম সিদ্ধান্ত গ্ৰহণৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.