ETV Bharat / state

স্মাৰ্ট মিটাৰৰ শ্বৰ্ট চাৰ্কিট চলিয়েই আছে: একেলগে ওলাল ১৮ টাকৈ সংগঠন

স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত । ইয়াৰ পিছতো গা-লৰা নাই চৰকাৰৰ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Protest against smart meter
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

মৰাণ: ৰাজ্যত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে । কিন্তু ৰাইজৰ প্ৰতিবাদক কোনো গুৰুত্ব দিয়া নাই চৰকাৰে । ৰাইজৰ প্ৰতিবাদৰ পাছতো মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ প্ৰয়োজনীয়তা আছে বুলি দাবী কৰিছে । ফলত স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত আজি পুনৰ মৰাণ নগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক ৰাইজে ৷

আটাছু,টাইপা,কৃষক মুক্তি সংগ্ৰাম সমিতি, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থাকে ধৰি ১৮ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত মৰাণৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰতিবাদী ৰাইজে প্ৰথমে মৰাণ পৰিদৰ্শন ভৱনৰ চৌহদত এক প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাছতে প্ৰতিবাদী জনতাই এক সমদল উলিয়ায় ।

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ 'স্মাৰ্ট মিটাৰ বাতিল কৰক','স্মাৰ্ট মিটাৰ নালাগে', 'বিজেপি চৰকাৰ হুঁচিয়াৰ','নন্দিতা গাৰ্লোচা হায় হায়','বিদ্যুত বিভাগ হায় হায়' আদি শ্ল'গানেৰে মৰাণ নগৰৰ ৰাজপথ উত্তাল কৰে ৷

ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকলে শান্তিপুৰত অৱস্থিত এ পি ডি চি এলৰ মৰাণ সংমণ্ডলৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদী ৰাইজে ১৫ দিনৰ ভিতৰত স্মাৰ্ট মিটাৰৰ ঠাইত পুৰণি ডিজিটেল মিটাৰ সংস্থাপনৰ দাবী জনাই শক্তি মন্ত্ৰীলৈ মাহমৰা উপ-জিলাৰ কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

স্মাৰ্ট মিটাৰক লৈ কি কয় ১৮ টাকৈ সংগঠনৰ নেতৃত্বই:

প্ৰতিবাদকাৰীসকলে কয় যে দৰিদ্ৰ ৰাইজৰ তেজ শুহি খাইছে স্মাৰ্ট মিটাৰে । স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক বাৰে বাৰে আহ্বান জনাই আহিছো । কিন্তু মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ কথা শুনিব বিচৰা নাই । আমি ১৫ দিনৰ সময় বান্ধি দিছো । অসমৰ ৰাইজৰ আবেগ অনুভূতিক বুজি নাপাই যদি স্মাৰ্ট মিটাৰ বন্ধ নহয় তেতিযাহ'লে '২৬ৰ বিধানসভা নিৰ্বাচনত ১৮ টা জাতি জনগোষ্ঠীয় সংগঠনে বিজেপিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি বিজেপিক উৎখাত কৰিব ।

লগতে পঢ়ক:সৰুপথাৰত স্মাৰ্ট মিটাৰ খুলি পেলোৱা গ্ৰাহকৰ বিৰুদ্ধে গোচৰ; কঠোৰ সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - Protest Against Smart Meter

শৰাইত তামোল-পাণসহ ৰাইজে ওভতালে স্মাৰ্ট মিটাৰ - Protest Against Smart Meter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.