ETV Bharat / state

National Unity Day :মৰিগাঁও আৰক্ষীৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস পালন - Sardar Vallabhbhai Patels birth anniversary

মৰিগাঁও নগৰৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত পালন ৰাষ্ট্ৰীয় একতা দিৱস । অসমৰ বিভিন্ন প্ৰান্ততো এই দিৱস হিচাপে পালন কৰা হৈছে ।

Sardar Vallabhbhai Patels birth anniversary
ৰাষ্ট্ৰীয় একতা দিৱস
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 7:13 PM IST

ৰাষ্ট্ৰীয় একতা দিৱস

মৰিগাঁও, ৩১ অক্টোবৰ: আজি দেশজুৰি ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী পালন কৰা হৈছে ৷ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশতে আজিৰ দিনটো 'ৰাষ্ট্ৰীয় একতা দিৱস ' হিচাপে পালন কৰি আহিছে ৷ আন ৰাজ্য়ৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো এই দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মৰিগাঁও আৰক্ষীৰ উদ্যোগত মঙলবাৰে মৰিগাঁও নগৰৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত কুচকাৱাজ প্ৰদৰ্শন কৰে আৰক্ষী, ছাত্ৰ-ছাত্ৰী আৰু স্কাউট এণ্ড গাইডৰ সদস্যসকলে ।

এই কাৰ্যসূচী পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে । জিলা আয়ুক্তগৰাকীয়ে অংশগ্ৰহণকাৰীসকলক একতাৰ সংকল্প পাঠ কৰোৱায় । এই কাৰ্যসূচীত আৰক্ষী, ছাত্ৰ-ছাত্ৰী আৰু স্কাউট এণ্ড গাইডৰ সদস্যসকলে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানৰ আৰম্ভণিতে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰা আৰু ড৹ সংগীতা বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰা আৰু শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ।

আনহাতে, তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগতো মৰিগাঁও জিলাৰ বিভিন্ন অনুষ্ঠানৰ লগতে মৰিগাঁও জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় আকস্মিক বক্তৃতা । বিদ্য়ালয় পৰিচালনা সমিতিৰ সভাপতি জগদীশ নাথে আঁতধৰা এই কাৰ্যসূচী উদ্ধোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, জ্যেষ্ঠ কাৰ্যবাহী সদস্য প্ৰণৱ জ্যোতি মছৰং, প্ৰধান সচিব দেবানন্দ দাস,মুখ্য কাৰ্যবাহী সদস্যৰ‌ ব্যক্তিগত সচিব গোপাল পুৰকায়স্হ উপৰি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ববী পাৰবীন ঠাকুৰীয়াসহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি ,শিক্ষক-শিক্ষয়িত্ৰীয়ে ।

লগতে পঢ়ক:Rashtriya Ekta Diwas 2023: নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত পালন ৰাষ্ট্ৰীয় একতা দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.