মৰিগাঁও, 29 চেপ্তেম্বৰ: আৰক্ষী বিষয়াৰ বদলিৰ নিৰ্দেশ মানি ল'ব নুখুজি উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷ মৰিগাঁৱৰ ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যশোৱন্ত নাথৰ বদলিৰ বিৰোধিতা কৰি গাঁওৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজে ভূৰাগাঁও ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে মৰিগাঁও জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷
উল্লেখ্য যে, এগৰাকী সৎ, আদৰ্শবান, দায়িত্বশীল তথা নীতি পৰায়ন আৰক্ষী হিচাপে ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যশোৱন্ত নাথৰ অঞ্চলটোত যথেষ্ঠ সুনাম আছে । স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে আৰক্ষী বিষয়া গৰাকী অঞ্চলটোত নিযুক্ত হোৱাৰ পাছৰে পৰাই অঞ্চলটোত অসামাজিক কাম কাজ সমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে ৷ বিষয়া গৰাকীয়ে বিভিন্ন সময়ত অভিযান চলাই মদ, জুৱা আৰু তীৰৰ ঘাটি উৎখাত কৰি আহিছে ৷ অঞ্চলটোত অসামাজিক কাম কাজ সমূহ কঠোৰ হাতেৰে দমন কৰাত সক্ষম হোৱা বিষয়া গৰাকীৰ বিভাগীয় বদলিৰ আদেশ এতিয়া মানি ল'ব খোজা নাই ভূৰাগাঁওবাসী ৰাইজে ৷