ETV Bharat / state

মৰিগাঁৱত মৰিশালিৰ নিস্তব্ধতা, নাই বিহুৰ উছাহ

লুইতৰ বুকুত জাহ গ'ল ভঁৰাল ঘৰ,চোতাল,ভেটি মাটি সকলো৷ প্ৰায় 74 টা পৰিয়ালৰ ঘৰ বাৰী লুইতে গ্ৰাস কৰাৰ পিচত তেওঁলোকৰ ঠিকনা এতিয়া পথৰ দাঁতি অথবা মথাউৰি ৷ শৰণাৰ্থীৰ দৰে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকে ৷ এইয়াই জীৱন তেওঁলোকৰ বাবে ৷ বিহু তেওঁলোকৰ বাবে মাথো এটা সপোন এতিয়া ৷ মৰিগাঁৱৰ পলাশগুৰিৰ একাংশ লোকৰ কৰুণ গাথা

বিহু তেওঁলোকৰ বাবে মাথো এটা সপোন
author img

By

Published : Oct 18, 2019, 7:07 PM IST

মৰিগাঁও, 18 অক্টোবৰঃ মৰিগাঁৱৰ এখন গাঁৱত নাই কাতি বিহুৰ উছাহ ৷ আদৰৰ বিহুটি পাতিবলৈ একাংশ লোকৰ নাই এডোখৰ ঠাই ৷ মৰিগাঁওৰ পলাশগুৰিত এইবাৰ মৰিশালীৰ নিস্তব্ধতা । শোকত ভাগি পৰিছে গাঁওখনৰ মুনিহ তিৰোতা সকলো । চাৰিওফালে নিমাওমাও পৰিৱেশ৷ শস্য মস্যৰে নদন বদন অঞ্চলটোত এতিয়া একোৱেই নাই ৷ ভৰ বাৰিষা কাল ৰূপ ধৰি অহা লুইতৰ কোবাল সোঁতত উটি গ'ল সকলো ৷ কোনমতে মানুহকেইটা বাচিল যদিও লুইতৰ বুকুত জাহ গ'ল ভঁৰাল ঘৰ,চোতাল,ভেটি মাটি সকলো৷ প্ৰায় 74 টা পৰিয়ালৰ ঘৰ বাৰী লুইতে গ্ৰাস কৰাৰ পিচত তেওঁলোকৰ ঠিকনা এতিয়া পথৰ দাতি অথবা মথাউৰি ৷ শৰণাৰ্থীৰ দৰে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকে৷ এইয়াই জীৱন তেওঁলোকৰ বাবে ৷ আদৰৰ বিহুটি পাতিবলৈ তেওঁলোকৰ নিজৰ বুলিবলৈ নাই এখন চোতলা কিম্বা খেতি পথাৰ৷ যুগ যুগ ধৰি বাস কৰি অহা সাতামপুৰুষীয়া ভেটিটো হেৰুৱাই বিহুৰ দিনা ফেঁকুৰি উঠিল তেওঁলোক ৷ মৰিগাঁৱৰ লাহৰীঘাটৰ পলাশগুৰি গাঁৱত এতিয়া বিষাদৰ বন্যা৷ নাই কাতি বিহুৰ উছাহ ৷ সময়ৰ পৰিৱৰ্তনত সকলো হেৰুৱাই উদাস মনেৰে চাই ৰৈছে লুইতৰ বুকুত জাহ যোৱা ভেটিটোলৈ ৷

MORIGAON PALASHGURI KATI BIHU TRAGEDY NEWS
সপোনৰ ঘৰ বাৰী মাটি ভেটি সকলো লুইতৰ বুকুত জাহ গ'ল
মৰিগাঁৱত মৰিশালিৰ নিস্তব্ধতা, নাই বিহুৰ উছাহ

আনহাতে এতিয়াও গাঁও খনৰ ওচৰৰ এটা ৰিং বান্ধত বাস কৰা বহুকেইটা পৰিয়ালৰ সাতামপুৰুষীয়া ঘৰ ভেটি সকলে লুইতৰ বুকুত জাহ যায় বিগত বাৰিষাত ৷ ঘৰবাৰী, মাটি, ভেটি হেৰুৱাই তেওঁলোক এতিয়া অঘৰী ৷ বিহুৰ দিনা ক্ৰন্দনত ফাঁটি পৰিল অঞ্চলটোৰ লোকসকল ৷

MORIGAON PALASHGURI KATI BIHU TRAGEDY NEWS
মৰিগাঁৱৰ এখন গাঁৱত নাই কাতি বিহুৰ উছাহ

Intro:মৰিগাঁৱৰ এখন গাঁৱত কাতিদেউলৰ উদযাপন বিপৰীতে সৃষ্টি হল এক শোকাকুল পৰিবেশ ।তুলসী ৰুবলৈ নাই চোতাল,নাই থাপনা,নাই শস্যশ্যামলী লখিমী পথাৰ।চাওক এই সন্দৰ্ভত এক প্ৰতিবেদন।Body:আজি কাতিবিহু। অসমীয়াৰ বাপতি সাহোন এইকাতি বিহুত ঘৰৰ জীয়াৰী-বোৱাৰী সকলে ভঁসাৰি ঘৰ ,গোসাই ঘৰ, ঘৰদুৱাৰ লেপিমচি চোতালৰ আগত তুলসী ৰোপনৰে পালন কৰিছে কাতিবিহু। পুৰুষ সকলে পৰম্পৰাগত ছাট বৈ পথাৰত দিছে। পথাৰৰ থোৰ ওলোৱা ধাননি দৰা কুশলে ৰাখিবলৈ সন্ধিয়া বেলাত চাকি বন্তি জ্বলাই , ৰবাব টেঙা খায় উদযাপন কৰিছে লোকপৰম্পৰা। সন্ধিয়া পথাৰত শৰাই ,শলিতা জ্বলাই পালন কৰিছে কাতিদেউল ।
ইয়াৰ বিপৰীতে আমি দেখুৱাম কাতি বিহু এক বিপৰীত ছবি।তুলসী ৰুবলৈ নাই আগচোতাল। নাই ভঁৰাল ।নাই থাপনা। নাই শস্যশ্যামলী লখিমী পথাৰ। নাই গোসাই ঘৰ। ভঁৰাল ঘৰ,চোতালৰ বিপৰীতে মৰিগাঁও পলাশগুৰিত এইবাৰ মৰিশালী নিস্তব্ধতা। কেইদিন আগলৈকে নদনবদন পিতৃপিতামহ গাঁও আজি যুদ্ধবিধস্ত এলেকা লেখীয়া ।নিমাওমাও পৰিৱেশ । শোকতভাগী পৰিছে গৃহিনী,মহিলা ।কবলৈ গলে সকলো মুনিহ তিৰোতাক এই পৰিবেশে মিয়মান কৰি তুলিছে।bytes:1
হয় কব বিচাৰিছো মৰিগাঁও লাহৰীঘাটৰ পলাশগুৰি গাঁৱৰ মৰিশালী সদৃশ পৰিবেশৰ বিষয়ে । জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ কথা কৈ শাসনৰ গাদী দখল কৰা চৰকাৰৰ দিনত এইবেলি প্ৰাচীন গাঁও খনৰ 74 টা নৃগোষ্ঠীয় পৰিয়ালৰ ঘৰবাৰী ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই উছন কৰিলে।bytes:2
ফলত সকলো ঘৰদুৱাৰ ধংসকৰি দেশান্তৰী হল।পৰি আছে ধবংসাবেশ। আপোন জন আঁতৰি গল আপোনজনৰ ওচৰৰপৰা ।বহুতো অঘৰী হৈছে।পথৰ দাঁতিত , কোনোবা মৰিশালীত জুপুৰি সাজি শৰণাৰ্থী দৰে জীৱন নিৰ্বাহ কৰিছে।
আনহাতে এতিয়াও গাঁও খনৰ ওচৰৰ এটা ৰিং বান্ধত বাসকৰা বহুকেইটা পৰিয়াল সাতামপুৰুষীয়া ঘৰভেটিলৈ চাই ফেঁকুৰি উঠিল কাতিবিহুৰ দিনা ।ঘৰবাৰী নাই ক'ত পালন কৰিব বাপতিসাহোন বিহুটি।সেয়েহে কাতিবিহুৰ পালনৰ পৰা চিৰকালৰ বাবে বঞ্চিত হোৱা পুৰুষ মহিলা ক্ৰন্দন। ক্ষোভত ফাটি পৰিছে সৰ্বস্বান্ত কৃষক ।byte:3Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.