ETV Bharat / state

মৰিগাঁৱত প্ৰকৃতিয়ে চিন্তাত পেলালে কৃষকক !

বাৰিষা ঋতুৰ মুষলধাৰ বৰষুণে নৈ-বিল, খাল-দোং পানীৰে ওপচাই পেলোৱাৰ উপৰি বেছিভাগ কৃষিভূমি জলমগ্ন কৰি তোলে ৷ যাৰ ফলত এই সময়ত খেতি পথাৰক লৈ ব্যস্ত হৈ পৰে অসমৰ চহা কৃষক ৷ কিন্তু ইয়াৰ এক বিপৰীত ছবি প্ৰতিফলিত হৈছে মৰিগাঁৱৰ পথাৰত ৷

মৰিগাঁৱত খৰাং সদৃশ পৰিস্থিতি
author img

By

Published : Jun 27, 2019, 11:29 AM IST

মৰিগাঁও, 27 জুনঃ মৰিগাঁৱত খৰাং সদৃশ পৰিস্থিতি ৷ বাওতলী পথাৰত গৰু-ম'হক খোৱাবলৈ নাই পানী ৷ চিন্তিত চহা-কৃষক ৷ বাৰিষা ঋতুৰ মুষলধাৰ বৰষুণে নৈ-বিল, খাল-দোং পানীৰে ওপচাই পেলোৱাৰ উপৰি বেছিভাগ কৃষিভূমি জলমগ্ন কৰি তোলে ৷ যাৰ ফলত এই সময়ত খেতি পথাৰক লৈ ব্যস্ত হৈ পৰে অসমৰ চহা কৃষক ৷ কিন্তু ইয়াৰ এক বিপৰীত ছবি প্ৰতিফলিত হৈছে মৰিগাঁৱৰ পথাৰত ৷ আহাৰ মাহৰ পষেক বাগৰাৰ পাচতো বাওতলী পথাৰত গৰু ম'হক খোৱাবলৈ নাই এটুপি পানী ৷ যাৰ ফলত বৰ্তমান পৰ্যন্ত কঁঠীয়া সিঁচিবলৈ অপাৰগ কৃষক ৰাইজ ৷ সেয়েহে কান্ধত নাঙল-যুঁৱলি কঢ়িয়াই পথাৰলৈ ঢাপলি মেলা দৃশ্য দূৰ্লভ হৈ পৰিছে মৰিগাঁও ৰাজহচক্ৰৰ পচতীয়া,কলংপাৰ,টেঙা গুৰিকে ধৰি বহু কেইখন গাঁৱত ৷ আনহাতে, প্ৰকৃতিৰ এই ৰূপ দেখি চিন্তিত হৈ পৰিছে কৃষকসকল ৷ আঘোণৰ সোণগুটি চপাই ভঁৰাল পূৰ্ণ কৰা ছবিখন অসম্পূৰ্ণ হৈ ৰোৱাৰ আশংকাত ভুগিছে এতিয়া কৃষকসকল ৷

Intro:মৰিগাঁৱত খৰাং সদৃশ পৰিস্থিতি।আমতি শাথৰ পাছতো বাওতলী পথাৰত নাই গৰু-মহক খুৱাবলৈ নাই পানী। চিন্তিত চহা-কৃষক।এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।

Body:ইটিভি ভাৰতৰ বাতৰি সত্যত প্ৰমাণিত। এক মাত্ৰ ইটিভি ভাৰতে "আবতৰীয়া কুৱলীৰ আগমণত চিন্তিত চহা ৰাইজ-" বুলি ৮ মাৰ্চত বাতৰি প্ৰচাৰ হৈছিল। আৰু আজি তিনিমাহৰ পাছত প্ৰমাণিত।
মনকৰিবলগীয়া যে একমাত্ৰ ইটিভি ভাৰতে ৰাজ্যৰ কৃষকৰ স্বাৰ্থত যুগুত কৰা ৮ মাৰ্চৰ প্ৰতিবেদনত কি আছিলত পুনৰ এবাৰ চাওক। "এজাক পাতলীয়া বৰষুণৰ পাচত হঠাৎ কুঁৱৰীৰ য়ে আৱৰি ধৰিলেফৰিবেশ।আবতৰীয়া কুঁৱলীৰ আগমণত চিন্তিত ৰাজ্যৰ চহা ৰাইজ।বসন্তৰ আগমণত প্ৰাকক্ষণত শৰতৰ কুঁৱলী দেখাপাই অশনি সংকেত বহন কৰাৰ আশংকা কৰি ছে খেতিয়ক ৰাইজে byte,file footage,
সঁচাকৈয়ে ইটিভি ভাৰতত প্ৰচাৰিত বাতৰিৰ আখৰে আখৰে প্ৰতিফলিত হৈছে। আষাঢ়ৰ পষেক বাগৰাৰ পাছতো বাওতলী পথাৰত গৰু-ম'হক খুৱাবলৈ নাই পানী। সাধাৰণতে এনে সময়ত ৰাজ্যৰ বাও ধানতলীত একাল এবুকু পানীৰে উপচি পৰাৰ বিপৰীতে কেকুঁৰাৰ গাতটো নাই এটুপালপানী। চাওক কি ভৈয়াম, কি পাহাৰীয়া পথাৰ সকলোতে একেই অৱস্থা।কোনো কৃষকে ৰুৱ পৰা নাই ভূঁই।বৰঞ্চ ফাগুন চ'তত সিচা গাছি বাওতলী এতিয় চৰণীয়া পথাৰলৈ পৰ্যবসিত।byte:farmer.
এইয়া মৰিগাঁও এখন বাওতলী পথাৰ।নাম মৈধালি পথাৰ। মৰিগাঁও ৰাজহচক্ৰৰ পচতীয়া,কলংপাৰ,টেঙা গুৰি,বৰ্ণসত্ৰকে ধৰি কেইবাখন গাঁৱৰ কৃষক ৰাইজৰ বছৰৰ ভাত মুঠি এইখন মৈধালি পথাৰৰ পৰা ভঁৰাললৈ যায়।পিছে এই বেলি এতিয়া লৈকে প্ৰকৃতি তথা বৰষুণৰ এই ৰুপ দেখি ভীষণ চিন্তিত মৰিগাঁৱৰ চহা।byte:2,3
উল্লেখযোগ্য যে ৰাইজৰ ওচৰত দায়বদ্ধ,কৃষি অৰ্থনীতিক আগবঢ়াই নিয়াৰ দিশত দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল ইটিভি ভাৰতে। যি আজি লা লগাদি লাগিছে।এনেক্ষেত্ৰত ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সৈতে চৰকাৰখন কেনেদৰে চামিল হয় সেয়া লক্ষণীয়।

Conclusion:Ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.