ETV Bharat / state

মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল

author img

By

Published : Oct 6, 2020, 7:38 AM IST

মূল্যবৃদ্ধি ৰোধত বিফলতাৰ অভিযোগেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মৰিগাঁও জিলা নিৰ্মাণ শ্ৰমিক পৰিষদৰ সদস্য সকলে ৷ প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

morigaon Labour protest
মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল

মৰিগাঁও,6অক্টোবৰ: মূল্যবৃদ্ধি ৰোধত বিফলতাৰ অভিযোগেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মৰিগাঁও জিলা নিৰ্মাণ শ্ৰমিক পৰিষদৰ সদস্য সকলে ৷ সোমবাৰে হোৱা এই প্ৰতিবাদত পৰিষদৰ সদস্য সকলে চহৰখনত থকা জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা এক সমদলো বাহিৰ কৰে ৷ সমদলত পৰিষদৰ সদস্য সকলৰ লগত সহযোগ কৰে স্থানীয় ৰাইজেও ৷

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে ইন্ধনজাত তৈল সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনালে এইসকল প্ৰতিবাদকাৰীয়ে ৷ মূল্যবৃদ্ধিৰ কাৰণ বিচাৰি নিৰ্মাণ শ্ৰমিক জিলা পৰিষদৰ সদস্য সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে চহৰখনৰ পৰিবেশ ৷ প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

অন্য এক খবৰৰ বাবে: ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.