মৰিগাঁও, 30 অক্টোবৰঃ মৰিগাঁও খন্দাজান বিলমূৰত কলঙত অব্যাহত আছে গৰাখহনীয়া ৷ যি সম্প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গাঁৱখনৰ ডেৰশতাধিক পৰিয়াললৈ ৷ সকলো দেখিও নিৰ্লিপ্ত জিলা প্ৰশাসনৰ বৰমূৰীয়া সলক ৷
উল্লেখ্য যে, ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি স্থানীয় লেচী মালপোতাৰ সন্তোষ আৰু সুৰেণ নাথ নামৰ মৰিবিলৰ লেচীদ্বয়ে মৰিবিলখন ডাকত লোৱাৰ গইনাৰে খন্দাজানৰ বিলৰ মূৰত এই অবৈধ ভেটা দিয়ে ৷ বোৱতী কলঙত ভেটা দি মৎস্য চিকাৰৰ বাবে কেইবাখনো ঘাটজাল পতাৰ বাবে কলঙৰ দুয়োপাৰত সৃষ্টি হৈছে গৰাখহনীয়া ৷ সেয়েহে স্থানীয় ৰাইজে শীঘ্ৰে এইভেটা উঠাই দি কলঙৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন তথা চৰকাৰলৈ আহ্বান জনাইছে ৷