ETV Bharat / state

জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা - জোনবিলৰ পৰা বিনিময়

বিগত বছৰ সমূহৰ লেখীয়াকৈ আজি শুকুৰবাৰে সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা । দুভাগ নিশাৰ পৰাই আৰম্ভ হোৱা বিনিময় প্ৰথাৰ উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ।

জোনবিলত সম্পন্ন হ’ল বিনিময় প্ৰথা
জোনবিলত সম্পন্ন হ’ল বিনিময় প্ৰথা
author img

By

Published : Jan 22, 2021, 9:54 AM IST

Updated : Jan 22, 2021, 7:23 PM IST

মৰিগাঁও,22জানুৱাৰীঃ ঐতিহ্যমণ্ডিত জোনবিল মেলাত অচল আধুনিক মুদ্ৰা । য'ত বিনিময় প্ৰথাৰ জৰিয়তে স্ব-উৎপাদিত খাদ্য সম্ভাৰৰ আদান-প্ৰদান কৰা হয় । উল্লেখযোগ্য যে,বিগত বছৰ সমূহৰ লেখীয়াকৈ আজি শুকুৰবাৰে সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা । দুপৰ নিশাৰ পৰাই আৰম্ভ হোৱা বিনিময় প্ৰথাৰ উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ।

জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা

বিনিময় প্ৰথাৰ কাৰ্যসূচী উদ্ধোধন কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে,এই বিনিময় প্ৰথাৰ জৰিয়তে পাহাৰ ভৈয়ামৰ এনাজৰী ডাল প্ৰতিবছৰে সু-দৃঢ় কৰা হয় । সমন্বয়ৰ বাৰ্তা লৈ পাহাৰৰ পৰা নামি অহা মামা-মামী সকলে ভৈয়ামৰ ভাগীনসকলৰ সৈতে সান্দহ,চিৰা,পিঠা আৰু শুকান মাছৰ বিনিময়ত পাহাৰত উৎপাদিত খাদ্য-সামগ্ৰীৰ বিনিময় কৰে ৷ উল্লেখযোগ্য যে,জোনবিলৰ পৰা বিনিময় জৰিয়তে লাভ কৰা সান্দহ,চিৰা পিঠা আৰু শুকান মাছ নি পাহাৰত মামা-মামীয়ে উৎযাপন কৰিব পাহাৰীয়া তিৱা সকলৰ মাঘ বিহু।

লগতে পঢ়কঃ কৰিমগঞ্জৰ মন্দিৰত উদ্ধাৰ গো-মাংস

Last Updated : Jan 22, 2021, 7:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.