মৰিগাঁও, 27 অক্টোবৰ:মৰিগাঁৱত অব্যাহত আছে গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ । এইবাৰ কলঙৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে মৰিগাঁও চহৰখনলৈ। এজাক বৰষুণ আহিলেই ভয়ংকৰ বিপদৰ সন্মুখিন হব পাৰে মৰিগাঁও চহৰ। মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ পৰা তিনি কিলোমিটাৰ আতৰত থকা কলঙৰ মথাউৰি খহিলে 10/15 মিনিটৰ ভিতৰতে পানীত বুৰ যাব চহৰখন ৷
![morigaon errosion](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9328448_hghj.jpg)
বিগত কিছুদিন ধৰি কলং নদীত ভয়াবহ গৰাখহনীয়া অব্যাহত আছে যদিও কোনো পদক্ষেপ লোৱা নাই মৰিগাঁও জলসম্পদ বিভাগে। উদাসীন জিলা প্ৰশাসনৰ বৰমূৰীয়া সকল ৷ শেহতীয়াকৈ মৰিগাঁৱৰ চহৰৰ সমীপৱৰ্ত্তী টেঙাগুৰিৰ কলঙৰ মথাউৰিটো খহনীয়াৰ কবলত পৰাত গাঁৱৰ বাসিন্দা সকল ত্ৰাসিত হৈ পৰিছে ৷
লগতে পঢ়ক : প্ৰসংগ মিঞা সংগ্ৰহালয়ঃ সাহিত্যিক-অধিবক্তাৰ প্ৰতিক্ৰিয়া