ETV Bharat / state

মৰিগাঁৱত 18 পেকেট হেৰ'ইন জব্দ

author img

By

Published : Dec 5, 2020, 9:00 AM IST

মৰিগাঁও আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত । নিশা অভিযানত এখন বাইক আৰু 18 পেকেট হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

Morigaon drug's
মৰিগাঁৱত 18 পেকেট হিৰ'ইন জব্দ

মৰিগাঁও,5 ডিচেম্বৰ: মৰিগাঁৱত আৰক্ষীৰ সফল অভিযান । শুকুৰবাৰে নিশা চলোৱা এক অভিযানত মৰিগাঁৱৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৮ পেকেট হেৰ'ইন আৰু এখন বাইক । মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড0 নন্দ সিং বৰকলাই জনোৱা অনুসৰি, এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই হেৰ'ইনখিনি ।

Morigaon drug's
মৰিগাঁৱত 18 পেকেট হিৰ'ইন জব্দ

প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁও বঘৰাৰ সমীপত এখন বাইকত এজন লোকে সন্দেহজনকভাৱে ৰৈ আছিল ৷ সেই সময়তে আৰক্ষীয়ে উক্ত স্থানত অভিযান চলায় ৷ কিন্তু আৰক্ষীৰ উমান পাই পলায়ন কৰে যুৱকজনে ৷

আনহাতে, লোকজনৰ বাইকৰ পৰা উদ্ধাৰ কৰা হয় 18 পেকেটকৈ হেৰ'ইন ৷ উদ্ধাৰ হোৱা নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য প্ৰায় 23.40 লাখ বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ ড0 নন্দ সিং বৰকলাই সদৰী কৰা মতে, মৰিগাঁৱত হেৰ'ইনৰ 70 টাকৈ পেকেট কোনো লোকে অনাৰ খবৰ পাইছিল আৰক্ষীয়ে ৷ ইয়াৰ ভিত্তিতেই 18 টা পেকেট জব্দ কৰে ৷

অন্য এক খবৰৰ বাবে: অহা বিধান সভা নিৰ্বাচনত অসমৰ পৰা নিঃশেষ হ’ব বিজেপি দল: চন্দন ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.