ETV Bharat / state

Morigaon Sahity Sabha: ন-পুৰণি কবিৰ কবিতাত প্ৰাণ পাই উঠিল মৰিগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয় - Morigaon District Sahitya Sabha

সোমবাৰে পালন কৰা হল মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷ কুঁহি আৰু ৰামধেনু উপ-সমিতিৰ সহযোগত অনুষ্ঠিত হয় জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷

Morigaon Sahity Sabha
ন পুৰণি কবিৰ কবিতাত প্ৰাণ পায় উঠিল মৰিগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয়
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:13 AM IST

মৰিগাঁও, 3 অক্টোবৰ : সোমবাৰে অনুষ্ঠিত হয় মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠান ৷ জিলা কাৰ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱস । কুঁহি আৰু ৰামধেনু উপ-সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসটো পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী শুভৰাম্ভ কৰে জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই ।

ইয়াৰ পিচতে মৰিগাঁৱৰ বয়োজ্যেষ্ঠ সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক ড৹ নৱকান্ত বৰদলৈ আৰু শিক্ষাবিদ, সাহিত্যিক নৰেন্দ্ৰ নাথ কেওঁটক নিজ নিজ বাসগৃহত বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় । জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকাখনিৰ উন্মোচন কৰে মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক উপেন চন্দ্ৰ ডেকাই ৷

দুপৰীয়া জিলা সাহিত্য সভাৰ সম্পাদক ড‌৹ অচ্যুত দাসে আঁতধৰা আৰু জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মৰিগাঁও জিলা সাহিত্য সভাৰ অতীত ৰোমন্থন আৰু কৰণীয় শীৰ্ষক অন্তৰংগ আলাপ উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰে ।

অসম সাহিত্য সভাৰ সদস্য, শিক্ষাবিদ, সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকা, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অশোক ডেকা, মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি নুৰ মহম্মদকে আদি কৰি কেইবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷

উক্ত সভাখনত জয়ন্ত মাধৱ বৰাই অসমীয়া ভাষাৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মাকে আদি কৰি কেইবাজনো ব্যক্তিয়ে অংশ গ্ৰহণ কৰা সভাখনৰ পিচতেই অনুষ্ঠিত হয় কবিতা পাঠ অনুষ্ঠান । উক্ত কবিতা পাঠ অনুষ্ঠানত ভালে সংখ্যক ন-পুৰণি কবিয়ে অংশগ্ৰহণ কৰি সাহিত্য সভাৰ কাৰ্যসূচী অধিক জীপাল কৰি তোলে ।

লগতে পঢ়ক:MLA Ramakanta Deori: মৰিগাঁৱত অলৰ-অচৰ ৰমা; বিজয়ৰ বিশ্বাসেৰে দৃঢ় বিশ্বাসী বিধায়ক দেউৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.