ETV Bharat / state

River bank erosion: লাহৰীঘাটত বৰলুইতৰ ভয়াৱহ খহনীয়া; জিলা আয়ুক্তৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন - Massive erosion in Morigaon

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰহলৌ কান্দাত খহনীয়া অব্যাহত । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দেওবাৰে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

Massive erosion in Morigaon
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰহলৌ কান্দাত খহনীয়া
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 10:51 AM IST

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰহলৌ কান্দাত খহনীয়া

মৰিগাঁও, ১৮ ছেপ্টেম্বৰ: মৰিগাঁও জিলাৰ লাহৰিঘাটৰ বৰহলৌ কান্দাত অব্যাহত থকা গৰাখহনীয়াৰ বুজ লোৱাৰ উদ্দেশ্যে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দেওবাৰে এলেকাটো পৰিদৰ্শন কৰে । বৰহলৌ কান্দাত ব্যাপক খহনীয়া অব্যাহত থকা স্বত্বেও চৰকাৰ প্ৰশাসনৰ কোনো লোকে অঞ্চলটোত উপস্থিত হৈ তেওঁলোকৰ অৱস্থাৰ বুজ লোৱা নাই বুলি প্ৰচাৰ হোৱা এটা বাতৰিৰ পিছতেই জিলা আয়ুক্তগৰাকীয়ে পৰিস্থিতিৰ চৰজমিন বুজ লয় । জিলা আয়ুক্তগৰাকীয়ে লগতে অঞ্চলটোৰ ৰাইজৰ সৈতে মতবিনিময় কৰে ।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰশাসনৰ ফালৰ পৰা অঞ্চলটোৰ লোকসকলক প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে । তেওঁ অঞ্চলটোৰ ৰাইজক আশ্বাস দি কয় যে, যিহেতু উক্ত এলেকাটো এ ডি বি প্ৰকল্পৰ অধীনত সামৰি লোৱা হৈছে, সেয়েহে চিন্তাৰ কোনো কাৰণ নাই । অহা নৱেম্বৰৰ পৰাই জিঅ' বেগৰ সহায়ত খহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ কৰা হ'ব বুলিও তেওঁ কয় ।

জিলা আয়ুক্তগৰাকীয়ে পুনৰ কয় যে, জিলা প্ৰশাসন এই দুৰ্গত লোকসকলৰ সৈতে সদায় আছে আৰু যিকোনো পৰিস্থিতিতে প্ৰশাসনে তেওঁলোকৰ বাবে সহায়ৰ হাত আগবঢ়াব । তেওঁ লেৰুৱামুখৰ পৰা মৈৰাবাৰীলৈকে মটৰ চাইকেলেৰে সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰে । মথাউৰিৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি স্থানীয় লোকসকলৰ অৱস্থাৰ বুজ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে ।

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহ খহনীয়াত জিলাখনত ইতিমধ্যে কেইবাটাও পৰিয়াল গৃহহীন হৈছে ৷ ইতিমধ্যে বহুতো পৰিয়ালে নিজৰ নিজৰ ঘৰ-বাৰী ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিপৰ্যস্ত কৰি তুলিছে মৈৰাবাৰীৰ এইসকল লোকক ৷ নৈপৰীয়া ৰাইজে সুৰক্ষিত স্থান বিচাৰি ঢাপলি মেলিছে ৷ নিজ হাতেৰে ভাঙিছে আপোন ঘৰখন ৷ উক্ত অঞ্চলটোত ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ ৷ চপৰা চপৰে খহিছে গৰা ৷ চকুৰ পলকতে নৈ বুকুত জাহ গৈছে বহুতো পৰিয়ালৰ ঘৰৰ ভেটি মাটি ৷ সেয়েহে আতংকিত হৈছে নৈপৰীয়া ৰাইজ ৷

লগতে পঢ়ক: River bank erosion: মৈৰাবাৰীত বৰলুইতৰ বিধ্বংসী খহনীয়া; সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.