ETV Bharat / state

মৰিগাঁৱত ক'ভিডত আক্ৰান্ত হৈ পুনৰ ১ জনৰ মৃত্যু - কৰ'ণা আক্ৰান্ত

বুধবাৰ পৰ্যন্ত মৰিগাঁৱত ৬ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু । জিলাখনত একেখন গাঁৱতে ৩৬ জনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । বৰ্তমানলৈকে মৰিগাঁৱত ১,৯০৪ জন আক্ৰান্ত হৈছে ক'ভিড-১৯ ত ।

Morigaon covid report update
বুধবাৰ পৰ্যন্ত মৰিগাঁৱত ৬ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু
author img

By

Published : May 13, 2021, 12:01 PM IST

মৰিগাঁও, ১৩ মে': মৰিগাঁৱত দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । সমান্তৰালকৈ বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ । জিলাখনত বুধবাৰে পুনৰ এগৰাকী কৰ'ণা আক্ৰান্তই প্ৰাণ হেৰুৱায় । এই পৰ্যন্ত মৰিগাঁৱত ৬ জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে । বুধবাৰে মৰিগাঁৱৰ বিভিন্ন ক'ভিড পৰীক্ষা কেন্দ্ৰত ১,৭৮৪ গৰাকীৰ ক'ভিড-১৯ পৰীক্ষা সম্পন্ন কৰা হয় ।

Morigaon covid report update
বুধবাৰ পৰ্যন্ত মৰিগাঁৱত ৬ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু

ইয়াৰ ভিতৰত ২৫০ জনৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । মঙলবাৰলৈকে মৰিগাঁৱত ক'ভিড ৰোগীৰ সংখ্যা ১,৯০৪ জনলৈ বৃদ্ধি পায় । পহিলা এপ্ৰিলৰ পৰা জিলাখনত মুঠ ৫২,৫৬৯ গৰাকী লোকৰ ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰা হৈছে । জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, মঙলবাৰলৈকে মুঠ ৯৫৪ গৰাকীক ক'ভিড মুক্ত বুলি ঘোষণা কৰা হৈছে । ইয়াৰে বুধবাৰে ১০৪ গৰাকী লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ।

বুধবাৰে ৭১ বছৰীয়া এজন ক'ভিড ৰোগীৰ মৃত্যু হৈছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । আনহাতে, মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ দ্বায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে মৰিগাঁও ৰাজহ চক্ৰৰ শ্যামকাটা গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব । তাৎপৰ্যপূৰ্ণ যে, উক্ত গাঁৱত বুধবাৰৰ দিনটোত ৩৬ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।

লগতে পঢ়ক:শিৱসাগৰত বৃক্ষ ৰোপনেৰে হোমেন বৰগোহাঞিলৈ শেষ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.