ETV Bharat / state

মৰিগাঁৱত আছুৰ CAA বিৰোধী প্ৰতিবাদৰ মাজতে বিজেপিৰ শান্তি সমদল - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মৰিগাঁৱত দেখা গ’ল দুই বিপৰীত ছবি ৷ শাসকীয় বিজেপিক প্ৰত্যাহ্বান আছুকে ধৰি 30 টা জাতীয় দল-সংগঠনৰ ৷

Morigaon bjp mass rally vs aasu protest
মৰিগাঁৱত বিজেপি বনাম আছু
author img

By

Published : Dec 27, 2019, 8:32 PM IST

মৰিগাঁও, 27 ডিচেম্বৰঃ সমূখ সমৰত সদৌ অসম ছাত্ৰ সন্থা আৰু বিজেপি ৷ এফালে শাসকীয় গেৰুৱা বাহিনীৰ বিশাল শান্তি সমদল আৰু আনফালে আছুৰ উদ্যোগত আন 30 টা সংগঠনৰ গণ বিক্ষোভ ৷ শুক্ৰবাৰে মৰিগাঁৱৰ জাগীৰোডত চৰকাৰী পক্ষ বিজেপিৰ বিশাল শান্তি সমদল ৷ আনহাতে ইয়াৰ প্ৰত্যাহ্বান স্বৰূপে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুকে ধৰি বিভিন্ন দল-সংগঠনে কঁপাই তোলে জাগীৰোডৰ আকাশ-বতাহ ৷ জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা পশ্চিম নগাঁও খেলপথাৰলৈ প্ৰায় চাৰি কিঃমিঃ পথত এই শান্তি সমদল ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদকে ধৰি সহযোগী দলসমূহৰ ৷ এই শান্তি সমদলত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ বিত্ত ও স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ূষ হাজৰিকা, অতুল বৰা, নব দলে, বিধায়ক ৰমাকান্ত দেউৰী, বিধায়ক ৰূপক শৰ্মা, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পবন মান্তাৰ প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ বহু সংখ্যক নেতা কৰ্মীয়ে ৷

মৰিগাঁৱত বিজেপি বনাম আছু

ইফালে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ শান্তি সমদলৰ প্ৰত্যুত্তৰ হিচাপে থিয় দিয়ে প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদে এতিয়া বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ৷

মৰিগাঁৱত বিজেপি বনাম আছু

আৰু পঢ়কঃ নিজ হাতেৰে কাৰাগাৰ নিৰ্মাণ কৰাৰ এটা সঁচা কাহিনী

Intro: শুক্ৰবাৰে মৰিগাঁও জাগীৰোডত এফালে শাসকীয় গেৰুৱা বাহিনীৰ বিশাল শান্তি সমদল আনফালে আছুৰ উদ্যোগত আৰু ত্ৰিছ সংগঠনৰ সহযোগত " কা " বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনৰে উত্তাল প্ৰতিবাদ । শুক্ৰবাৰে চৰকাৰী পক্ষৰ শান্তি সমদলৰ বিপৰীতে কা বিৰোধী দলসংগঠনৰ প্ৰতিবাদ কঁপি উঠিল জাগীৰোড আকাশ বতাহ।Body:শুক্ৰবাৰে জাগীৰোডত বিজেপিৰ বিশাল শান্তি সমদল। জাগীৰোড ক্ৰীড়া সন্থাৰ খেল পথাৰৰ পৰা পশ্চিম নগাওঁ খেল পথাৰলৈ প্ৰায় চাৰি কিঃমিঃ পথত এই শান্তি সমদল। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, বড়োলেণ্ড পিপুলছ ফ্ৰন্ট আৰু সহযোগী দল সমূহৰ সৌজন্যত এই শান্তি সমদলত প্ৰায় পঞ্চাশ হাজাৰ লোকে অংশগ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰে বিজেপিৰ নেতৃত্বত ই। শুক্ৰবাৰে জাগীৰোডৰ এই সমদলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , স্হানীয় বিধায়ক তথা মন্ত্ৰী পীয়ূষ হাজৰিকা, অতুল বৰা , নব দলে, বিধায়ক ৰমাকান্ত দেউৰী, নগাওঁ বিধায়ক ৰূপক শৰ্মাৰ,তিৱা স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পবন মান্তাৰ প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ বহু সংখ্যক নেতা কৰ্মীয়ে অংশ লয়।bytes :piyyush Hazarika
ইফালে এই ঐক্য শান্তি প্ৰগতিৰ সমদলৰ সমান্তৰালভাৱে জাগীৰোডত
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে
বিক্ষোভ কাৰ্যসূচী অব্যাহত
আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ ।এই বিক্ষোভ কাৰ্যসূচীত
সহস্ৰাধিক লোকৰ অংশগ্ৰহণ কৰি কা প্ৰত্যাহাৰ দাবী জনাই ।বিজেপিৰ শান্তি সমদলৰ সমান্তৰালভাৱে আছু আৰু কা বিৰোধী সংগঠনে অব্যাহত ৰাখোৱা "কা"বিৰোধী প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে ।bytes:asu zila sectary ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.