মৰিগাঁও,21 মাৰ্চ: মৰিগাঁৱৰ মৰি মুছলমান গাঁৱৰ মিৰ্জা নামৰ এজন ব্যক্তিৰ ঘৰত বিক্ৰীৰ বাবে ৰখা গো-মাংস উদ্ধাৰ কৰে একাংশ স্থানীয় লোকে । উল্লেখ্য যে, বিগত কিছুদিন ধৰি মৰিগাঁৱৰ বিভিন্ন ঠাইত এটা গৰু চোৰ চক্ৰই চলাই আহিছিল তাণ্ডৱ ।
শনিবাৰৰ নিশা মৰিগাঁৱৰ শলমাৰীৰ বিচিত্ৰ বৰদলৈ, চকাবৰ তিমুং, হিতেশ্বৰ বৰদলৈ নামৰ লোক কেইজনৰ ঘৰৰ পৰা চোৰৰ দলটোৱে চুৰ কৰিছিল বহুকেইটা গৰু । পাছত শলমাৰীৰ একাংশ লোকে গৰু চোৰৰ সম্ভেদ লাভ কৰি নিশাৰ ভিতৰতে অভিযান চলাই মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পাছফালৰ মিৰ্জা নামৰ এজন ব্যক্তিৰ ঘৰত বিক্ৰীৰ বাবে ৰখা গো-মাংস উদ্ধাৰ কৰে । অৱশ্যে ব্যক্তিজন উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : মৰাণত বিজেপিৰ ভেঁটি সুদৃঢ় হৈছে: মন্ত্ৰী যোগেন মহন