ETV Bharat / state

বান গ'ল কিন্তু মেটেকাই পুতিলে মৰিগাঁৱৰ বহুকেইটা পথ...

মৰিগাঁও,জাগীৰোড আৰু লাহৰীঘাট সমষ্টিৰ সীমান্তৱৰ্তী বটাবাৰী,ন বৰদোৱা, শুকুতিপোতা পথ,গভুৱাটুপ,সমবায়টুপ,লুটুমাৰী,চিলিমবড়ীকে সাত-আঠখন গাঁৱৰ একমাত্ৰ যাতায়তৰ মূল পথটোৰ অৱস্থা তথৈবচ ৷ বহুকেইটা পথ এতিয়াও পানীৰ তলত ৷ কোনো কোনো পথ মেটেকাই ছানি ধৰিছে বানৰ পিচত ৷

author img

By

Published : Aug 12, 2019, 11:15 PM IST

বানপীড়িত অঞ্চলত আন এক সমস্যা

বানৰ ভয়ানক বিভিষীকা আতৰিল যদিও এতিয়াও মৰিগাঁৱৰ বহু অঞ্চলৰ বাট পথ পানীৰ তলতে আছে ৷ বানৰ পিচত আন এক সমস্যাই দেখা দিছে বানাক্ৰান্ত অঞ্চলত, কোনো কোনো ঠাইত বাট পথ পানীৰ তলত থকাৰ লগতে মেটেকাই পুতি পেলাইছে পথসমূহ ৷ যাৰবাবে যাতায়াতৰ ক্ষেত্তৰত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷ লাহৰীঘাট,ভূৰাগাঁও, ভূৰবন্ধা আৰু মায়ং ৰাজহচক্ৰৰ অন্তৰ্গত কেইটামান পথ ৷ আজিও পানীৰ তলত বহুকেইটা পথ ৷ বানৰ প্ৰকোপত কেবাটাও পথৰ ক্ষতি সাধন হোৱাৰ লগতে মেটেকাই ঢাকি ধৰাত অসুবিধাত পৰিছে ৰাইজ ৷ চাওক আমাৰ এক প্ৰতিবেদন...

Intro:মৰিগাঁও জিলাৰ বহু বানাক্ৰান্ত অঞ্চলত আজিও পানীৰ তলত বিভিন্ন বাটপথ। কোনোবাটো যদি পানীৰ তলত ,কোনোবাটো পানী মেতেকাৰ তলত। সেয়েহে পানী মেতেকা আতৰাই পথ পৰিষ্কাৰ কাৰ্যত নামিল মৰিগাঁৱৰ ন বৰদোৱা বাসী বানাক্ৰান্ত ৰাইজ। এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।

Body: বানাক্ৰান্ত মৰিগাঁৱত শোচনীয় যাতায়ত ব্যৱস্থা। লাহৰীঘাট,ভূৰাগাঁও , ভূৰবন্ধা আৰু মায়ং ৰাজহচক্ৰৰ বহুতো পথ আজিও পানীৰ তলত। ৰাজহচক্ৰ ভিতৰুৱা কেতবোৰ বাটপথ ধংসৰ গৰাহত পৰাৰ বিপৰীতে আন বহুতো বাটপথৰ ওপৰত পানীমেতেকাৰ ভৰি পৰিছে।মূৰকত বানপৰিস্হিতি উন্নতি হোৱাৰ পাছতো ভীষণ সমস্যাৰ সৃষ্টি হৈছে বাটপথৰ কাৰণে।
এইয়া তাৰেই এক উদাহৰণ। ইটিভি ভাৰতৰ স্কীণত প্ৰত্যক্ষ কৰা এইছোৱা মৰিগাঁও, জাগীৰোড আৰু লাহৰীঘাট সমষ্টিৰ সীমান্তৱৰ্তী বটাবাৰী ,ন বৰদোৱা শুকুতিপোতা পথ । ন বৰদোৱা, শুকুতিপোতা, গভুৱাটুপ, সমবায়টুপ, লুটুমাৰী,চিলিমবড়ীকে সাত-আঠখন গাঁৱৰ একমাত্ৰ যাতায়ত ব্যৱস্থা। এইছোৱা পথ বহুকেইঠাইত বানে খহাই নিয়া লগতে বহুঠাইত আছে পানীৰ তলত। সমান্তৰালভাৱে পথছোৱাৰ ওপৰত আছে পানীমেতেকা
।সোম বাৰে এনেদৰেই পথ পৰিষ্কাৰত নামি পৰিল বানাক্ৰানন্ত ৰাইজ । পথ পৰিষ্কাৰ কৰি কলে শীঘ্ৰে এইছোৱা পথ উন্নয়ন বাবে চৰকাৰে তথা বিভাগীয় মন্ত্ৰী মহোদয়ে ব্যৱস্থা হাতত লওক। বিশেষকৈ পথছোৱা এনে বিধ্বস্ত ৰুপৰ বাবে ছাত্ৰ ছাত্ৰী সকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে।byte:public,1,2,3

Conclusion: স্মৰ্তব্য যে মৰিগাঁও জিলাখনৰ একাংশ ভিআই পি ঘৰলৈ অহা যোৱা বাটপথ উন্নয়নত তথা মেৰামতিত জিলা গড়কাপ্তানি বিভাগে উঠিপৰি লগাৰ বিপৰীতে সৰ্বসাধাৰণ বানাক্ৰান্তৰ যাতায়ত লৈ পিঠি দিয়াৰ উঠিছে অভিযোগ।

ratul deka, etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.