ETV Bharat / state

বাৰিষা সমাগত : উন্মুক্ত মথাউৰিক লৈ চিন্তিত লাহৰীঘাটবাসী - বাৰিষা সমাগত

বাৰিষা সমাগত হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে লাহৰীঘাটবাসী ৷ কিয়নো প্ৰতি বছৰে উন্মুক্ত মথাউৰীয়ে বাঢ়নী পানী সুমাই বিস্তৃত্ব অঞ্চলটোৰ কৃষি ভূমি প্লাৱিত কৰাৰ লগতে ক্ষতি সাধন কৰি আহিছে পশু ধনৰ ।

বাৰিষা সমাগত: উন্মুক্ত মথাউৰিক লৈ চিন্তিত লাহৰীঘাটবাসী

author img

By

Published : May 20, 2021, 6:57 PM IST

ধিং,20 মে’: দেশত এতিয়া ক’ৰণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰম নহয় অসমো ৷ তাৰমাজতে ৰাজ্যবাসীৰ বাবে আন এক প্ৰত্যাহ্বাবান আহি পৰিছে বাৰিষা সমাগত হোৱাৰ লগে লগে ৷

উল্লেখযোগ্য যে, 2015 চনতে মৰিগাঁও জিলাৰ গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰিছিল এটা মথাউৰি । তাৰ পাছতে 2015 চনতে ভূৰাগাঁৱৰ দীঘলী আটিৰ পৰা আমবাগানলৈ থকা ৭ কিঃমিঃ দৈৰ্ঘৰ মথাউৰিটো ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছিল । সেই 2015 চনৰ পৰাই আজি পৰ্যন্ত মথাউৰিটো উন্মুক্ত হৈ থাকিল ৷ যাৰ ফলত বাৰিষা সমাগত হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে লাহৰীঘাটবাসী ৷ কিয়নো প্ৰতি বছৰে উন্মুক্ত মথাউৰিয়ে বাঢ়নী পানী সোমাই বিস্তৃত্ব অঞ্চলটো কৃষি ভূমি প্লাবিত কৰাৰ লগতে ক্ষতি সাধন কৰি আহিছে পশু ধনৰ ।

বাৰিষা সমাগত : উন্মুক্ত মথাউৰিক লৈ চিন্তিত লাহৰীঘাটবাসী

ইপিনে অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছে যদিও আজিও পৰ্যন্ত পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে মথাউৰিটো । সেয়েহে এইবাৰো বাৰিষা অহাৰ লগে লগে চিন্তিত হৈছে ভূৰাগাঁওবাসী ।

সম্প্ৰতি উপায়ন্তৰ হৈ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ নতুন মন্ত্ৰী পীয়ুষ হাজৰিকাক অঞ্চলবাসী ৰাইজে আহ্বান জনাইছে যে, বান অহাৰ আগতে উক্ত মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ । এতিয়া নতুন জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়কঃ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বামুণগাঁৱত পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.