ETV Bharat / state

মন্দিৰ নিৰ্মাণৰ ধন সৰকালে তিৱা স্বায়ত্ব পৰিষদৰ সদস্যই !

author img

By

Published : Oct 10, 2020, 7:13 AM IST

মৰিগাঁৱত মানিপুৰ ৬ নং তিৱা স্বায়ত্ব পৰিষদত চৰকাৰী আঁচনিৰ নামত লুণ্ঠনৰাজ অব্যাহত । মন্দিৰ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ।

mondir construction found corruption at morigaon
মন্দিৰ নিৰ্মাণৰ ধন আত্মসাৎৰ অভিযোগ তিৱা স্বায়ত্ব পৰিষদৰ সদস্যৰ বিৰুদ্ধে

মৰিগাঁঁও,10 অক্টোবৰঃ তিৱা স্বায়ত্ব পৰিষদৰ ৬ নং মানিপুৰ সমষ্টিৰ অন্তৰ্গত অন্তৰামবড়ি বামুণ গোঁসাই থানৰ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য সম্পাদন কৰাৰ অভিযোগ তিৱা স্বায়ত্ব পৰিষদৰ সদস্য বুবুল পাতৰৰ বিৰুদ্ধে ।

তিৱা স্বায়ত্ব পৰিষদৰ ৬ নং মানিপুৰ সমষ্টিৰ উন্নয়ন দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ সুদীৰ্ঘ কাল কংগ্ৰেছৰ দখলত থকা সমষ্টিটো উন্নয়নৰ নমুনা দেখি আপুনি হতবাক হৈ পৰিব ৷ উল্লেখযোগ্য যে, ২০১৮-১৯ বৰ্ষত P & RD বিভাগে ৫ লাখ টকা ব্যয় সাপেক্ষে অন্তৰামবড়ি বামুণ গোঁসাই থানৰ নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল । অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰী ধন হৰলুকি কৰাৰ অভিযোগ তিৱা স্বায়ত্ব পৰিষদৰ সদস্য বুবুল পাতৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৷

আঁচনিৰ নামত আবন্তিত হোৱা পাঁচ লাখ টকাৰ ভিতৰত দেৰ লাখমান টকাৰ ভিতৰতে কামৰ অন্ত পেলাই আঁচনিৰ জৰিয়তে অহা সমুদায় টকা আত্মসাৎ কৰাত ৰাইজ অতিষ্ঠ হৈ পৰিছে ৷ ইপিনে বিষয়টো লৈ বহুবাৰ সদস্যজনক অৱগত কৰা হৈছিল যদিও কোনোধৰণৰ সহাৰি নাপাই মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল। তেখেতেও কোনোধৰণৰ উদ্যোগ নোলোৱাত উপায়ন্তৰ হৈ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসন তথা অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছে স্থানীয় ৰাইজে । এইক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰপৰা পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়।

লগতে পঢ়কঃহিমন্তই বন্ধ কৰিলেও আজমলে খুলিব মাদ্ৰাছা-টোল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.