ETV Bharat / state

মৰিগাঁৱত 15 লাখ টকাসহ আটক গুড় মাফিয়া

author img

By

Published : Aug 25, 2020, 9:41 PM IST

মৰিগাঁৱৰ বিভিন্ন স্থানত অবৈধ গুড়ৰ কাৰখানাৰ পৰা জব্দ কৰা এক কোটি টকাৰ সা-সৰঞ্জাম খিনি মোকলাই নিবলৈ শাক-পাচলি ভৰ্তি মোনাত 15লাখ টকা লৈ মৰিগাঁও থানাত উপস্থিত হয় খোদ গুড় মাফিয়া মান্নাছ আলী ৷ তাৰপিছতে আৰক্ষীয়ে মৈৰাবাৰীৰ মান্নাছ আলীক 15লাখ টকাসহ গ্ৰেপ্তাৰ কৰে ৷

Molasses mafia arrested in Morigaon with Rs 15 lakh
মৰিগাঁৱত 15 লাখ টকাসহ আটক গুড় মাফিয়া

মৰিগাঁও,25আগষ্টঃ উৎকোচ দিবলৈ আহি হাতে-লোটে ধৰা পৰিল গুড় মাফিয়া ৷ কাগজত মেৰিয়াই অথবা প্লাষ্টিকৰ বেগত নহয় শাক-পাচলিৰ মোনাত 15 লাখ টকা ভৰাই বীৰদৰ্পে আহি আৰক্ষীয়ে মেলি থোৱা জালত পৰিল মন্নাছ আলী নামৰ এজন অবৈধ গুড় বেপাৰী ৷ শুনি আচৰিত হ'লেও এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱত ৷

মৰিগাঁৱত 15 লাখ টকাসহ আটক গুড় মাফিয়া

জানিব পৰা মতে, বিগত সময়ছোৱাত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই অবৈধ গুড়ৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ অভিযানত মৰিগাঁৱৰ বিভিন্ন স্থানত অবৈধ গুড়ৰ কাৰখানা উচ্ছেদ কৰি কাৰখানাত ব্যৱহৃত প্ৰায় 1কোটি টকাৰ সা-সৰঞ্জাম জব্দ কৰিছিল আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ কিন্তু অভিযানত আটক কৰিব পৰা নাছিল অবৈধ গুড় মাফিয়া মন্নাছ আলীক ৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে মন্নাছক আটক কৰিবলৈ ৰচে এখন নাটক ৷

কিন্তু আৰক্ষীয়ে পেলাই থোৱা জাল বুজিব নোৱাৰিলে মন্নাছে ৷ মৰিগাঁৱৰ বিভিন্ন স্থানত অবৈধ গুড়ৰ কাৰখানাৰ পৰা জব্দ কৰা এক কোটি টকাৰ সা-সৰঞ্জামখিনি মোকলাই নিবলৈ শাক-পাচলি ভৰ্তি মোনাত 15লাখ টকা লৈ মৰিগাঁও থানাত উপস্থিত হয় খোদ গুড় মাফিয়া মান্নাছ আলী ৷ তাৰপিছতে আৰক্ষীয়ে মৈৰাবাৰীৰ মান্নাছ আলীক 15লাখ টকাসহ গ্ৰেপ্তাৰ কৰে ৷

ইপিনে, এই ঘটনাৰ পিছতে আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই জিলাখনত বিভিন্ন ঘটনা সংঘটিত কৰা অপৰাধীক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনায় ৷ অন্যথা আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃবেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.