ETV Bharat / state

মৰিগাঁৱত আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি

author img

By

Published : Sep 21, 2020, 7:41 PM IST

মৰিগাঁৱত সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰম্ভ হৈছে পোষণ মাহৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশৰূপে মৰিগাঁৱৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত বঘৰাত মুকলি কৰা হৈছে আদৰ্শ অংগনবাদী কেন্দ্ৰ । পুষ্টিহীনতা দূৰ কৰি পৰিপুষ্টি যোগানৰ নিমিত্তে মুকলি কৰা এই আঁচনিত সকলোৰে সহযোগিতা আহ্বান কৰিছে জিলা উপায়ুক্তই ৷

model icds center open morigaon assam etv bharat news
আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি

মৰিগাঁও,21 চেপ্তেম্বৰ: পুষ্টিহীনতা দুৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে চেপ্তেম্বৰ মাহটোক পালন কৰা হয় পোষণ মাহ হিচাপে ৷ তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ আঁচনি । এই কাৰ্যসূচীৰ অংশৰূপে মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত সোমবাৰে পালন কৰা হৈছে পোষণ অভিযানৰ এলানি কাৰ্যসূচী ৷

আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি

জিলাখনৰ শুখনাগোগত 407 নং অংগনবাদী কেন্দ্ৰটো আদৰ্শ কেন্দ্ৰৰূপে সোমবাৰে মুকলি কৰে সমষ্টিটোৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা উপায়ুক্ত লীনা দাসে ৷ কেন্দ্ৰটোৰ ফিটা কাটি বিধায়ক আৰু জিলা উপায়ুক্তগৰাকীয়ে পোষণ মাহ উপলক্ষে প্ৰস্তুত কৰা বিভিন্ন আহাৰৰ জুতি লৈ উপস্থিত ৰাইজৰ মাজত ফল-মূলৰ বীজ বিতৰণ কৰে ৷

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিগত লক ডাউনৰ সময়ছোৱাত সেৱা আগবঢ়োৱা অংগনবাদী কৰ্মী অনামিকা চক্ৰৱৰ্তীক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা উপায়ুক্তই ৷ তদুপৰি জিলা উপায়ুক্তগৰাকীয়ে অংগনবাদী কেন্দ্ৰসমূহৰ কৰ্মী,সহায়িকা আৰু আশা কৰ্মীসকলৰ সহযোগত স্বাস্থ্য সজাগতা বৃদ্ধি আৰু পুষ্টিৰ বাবে ল’বলগীয়া যতন সমূহৰ বিষয়ে উল্লেখ কৰি ধন্যবাদ জ্ঞাপন কৰে ।

লগতে চাওকঃ নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 9 গৰাকী শিক্ষাৰ্থীৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.