ETV Bharat / state

জোনবিল মেলা বিতৰ্ক সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ স্পষ্টীকৰণ - Minister Piyush Hazarika's clearification

"মই জোনবিলৰ কথাহে কৈছিলো, জোনবিল মেলাৰ বিষয়ে কোৱা নাই আৰু কোৱাৰ ধৃষ্টতাও নাই" বুলি স্পষ্ট কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

minister-piyush-hazarikas-clearification-on-jonbell-mela-comment
জোনবিলা মেলা বিতৰ্ক সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ স্পষ্টীকৰণ
author img

By

Published : Nov 19, 2020, 1:44 PM IST

মৰিগাঁও, 19 নৱেম্বৰ: জোনবিল সন্দৰ্ভত জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই কৰা এটা মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে নিজৰ মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ দিছে বিধায়ক গৰাকীয়ে ৷ "মই জোনবিলৰ কথাহে কৈছিলো, জোনবিল মেলাৰ বিষয়ো কোৱা নাই আৰু কোৱাৰ ধৃষ্টতাও নাই" বুলি স্পষ্ট কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ ওপৰিও যদি জোনবিল মেলাৰ অস্তিত্ব নাই বুলি কোৱাৰ কথা কোনোবাই প্ৰমাণ কৰিব পাৰে তেনেহলে ৰাজনীতি ত্যাগ কৰিম বুলিও মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

জোনবিলা মেলা বিতৰ্ক সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ স্পষ্টীকৰণ

আনহাতে আমাৰ সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে কয় যে, "জোনবিলখন সংকোচিত হৈ লাহে লাহে নোহোৱা হৈ গৈ আছে আৰু কিছুদিনৰ পিছত জোনবিল খনৰ অস্তিত্বই নোহোৱা হ'ব ৷ গতিকে আমি জোনবিলক উদ্ধাৰ কৰিব লাগে ৷ জোনবিল মেলাৰ অস্তিত্ব নাই বুলি মই কোৱা নাই আৰু নকওঁ ৷ মোৰ কোৱাৰ ধৃষ্টতাও নাই ৷ বোধ হয় মইয়ে একমাত্ৰ বিধায়ক যি জনে মুখ্যমন্ত্ৰীক প্ৰতিবছৰে ইয়ালৈ আনিছো "৷ "জোনবিল উন্নয়নৰ বাবে এক কোটি টকা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে আৰু ব্যক্তিগত ভাৱে সহায় সহযোগিতা কৰি আছো আৰু অধিক কৰিবলৈও আগ্ৰহী ৷ এই বিতৰ্ক তিলটোকে তালটো কৰা একাংশ লোকৰ বাবে হৈছে ৷ মই এই শ্ৰেণীৰ মানুহক ভয় নকৰোঁ ৷" মই চিধা চিধিকৈ সঁচা কথাবোৰ কৈ দিওঁ তাতে একাংশ মানুহে বেয়া পায় । তেওঁ লোকক চেলেঞ্জ কৰি পুনৰ নিৰ্বাচনত জয়ী হৈ আহিম বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

উল্লেখ্য যে, বিগত 12 নৱেম্বৰত জাগীৰোডৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই জোনবিল মেলাস্থলীৰ পাৰত থকা ডালমিয়া চিমেন্ট কোম্পানীটোৰ স্থাপন কৰাৰ প্ৰসংগত বক্তব্য আগবঢ়াই কৈছিল, জোনবিলৰ অস্তিত্ব নায় । ঐতিহাসিক জোনবিলৰ কোনো অস্তিত্ব নাই বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই কৰা মন্তব্যৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল জোনবিল পৰিচালনা সমিতিয়ে ৷ মন্ত্ৰীগৰাকীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল সমিতিৰ সদস্য সকলে ৷ সমিতিৰ সভাপতি জুৰচিং বৰদলৈ প্ৰমুখ্যে সমিতিৰ একাংশ বিষয় ববীয়াই ইটিভি ভাৰতক জনাই যে, মন্ত্ৰী হাজৰিকাই এই মন্তব্য কিয় কৰিছে তেওঁলোকে বুজিব পৰা নাই ৷

লগতে পঢ়কঃ মন্ত্ৰী পীয়ূষ হাজৰিকাক শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জোনবিল মেলা সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.