ETV Bharat / state

মৰিগাঁৱত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

author img

By

Published : Feb 26, 2021, 6:34 PM IST

মৰিগাঁৱত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা । বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ হৰ্ডিংবোৰ তৎকালে আঁতৰাই দিবলৈ নিৰ্দেশ জিলা উপায়ুক্ত শ্ৰীমতী লীনা দাসৰ ।

মৰিগাঁৱত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা
মৰিগাঁৱত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

মৰিগাঁও, ২৬ ফেব্ৰুৱাৰী: ২০২১ ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দিনৰ শুকুৰবাৰে দুই বজাত জিলা উপায়ুক্ত শ্ৰীমতী লীনা দাসৰ অধ্যক্ষতাত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয় । জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক লৈ অনুষ্ঠিত কৰা সভাখনত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ হৰ্ডিংবোৰ তৎকালে আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে । ৰাজহুৱা স্থানত অথবা কাৰ্যালয়ৰ চৌহদত চলি থকা আঁচনিৰ বিৱৰণী থকা বেনাৰসমূহ আঁতৰাবলৈ নিৰ্দেশ প্ৰদান উপায়ুক্ত শ্ৰীমতী লীনা দাসৰ ।

এই কাৰ্য স-সন্মানেৰে কৰাৰ লগতে ভিডিঅ’ প্ৰস্তুত কৰি এটা ফৰ্মেটত প্ৰশাসনক জনাব লাগিব বুলিও সভাত জানিবলৈ দিয়ে । নিৰ্বাচনৰ কাম-কাজত ব্যাঘাত নহ'বৰ বাবে বিষয়াসকলক সদৰ স্থান এৰিবলৈ নিৰ্দেশ দিয়ে লীনা দাসে । শুকুৰবাৰৰ এই সভাত অতিৰিক্ত উপায়ুক্ত শ্ৰীমতী ৰমী বৰুৱা, শ্ৰীযুত অজিত কুমাৰ শৰ্মা, শ্ৰীমতী দেৱযানী চৌধুৰী, জিলা আৰক্ষী অধীক্ষক ড. নন্দ সিং বৰকলা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিচ চন্দ্ৰ পেগু, ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.