ETV Bharat / state

massive strom hits morigaon: কৃত্ৰিম বানৰ কৱলত মৰিগাঁও - মৰিগাঁৱত প্ৰচণ্ড ধুমুহা

মঙলবাৰে মৰিগাঁৱত প্ৰচণ্ড ধুমুহা, মুষলধাৰ বৰষুণ ৷ ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে মৰিগাঁও চহৰত ৷ মৰিগাঁও চহৰৰ ৰাজপথতো বাগৰিল বৃহৎ বৃহৎ গছ ৷ বৰষুণৰ বাবে মৰিগাঁও চহৰৰ দৈনিক বজাৰত কৃত্ৰিম বান ৷

মৰিগাঁৱত প্ৰচণ্ড ধুমুহা বৰষুণ
মৰিগাঁৱত প্ৰচণ্ড ধুমুহা বৰষুণ
author img

By

Published : Jun 13, 2023, 8:57 PM IST

মৰিগাঁৱত প্ৰচণ্ড ধুমুহা বৰষুণ

মৰিগাঁও,13 জুন: ৰুষ্ট হৈ পৰিছে প্ৰকৃতি ৷ গৰমে দহা ৰাজ্য খনত বিগত দুদিনৰ পৰা বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ ৷ বিয়লিৰ ভাগত প্ৰচণ্ড ধুমুহা, মুষলধাৰ বৰষুণ মৰিগাঁৱৰ জিলাত । মঙলবাৰে বিয়লি‌ ভাগত অহা ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে মৰিগাঁও চহৰত ৷ বিশেষকৈ মৰিগাঁও ছহীদ তিলক,হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ৰখাই থোৱা ‌‌AS-01-AT-8822 নম্বৰ বিলাসী বাহন খনৰ ওপৰত গছ উভালি পৰাত বাহন খনৰ বিস্তৰ ক্ষতিসাধন হয় । পৰৰ্বতী সময়ত ৰাইজে দা কুঠাৰ লৈ গছ কাটি মুকলি কৰে বাহনখনৰ ৷

কেৱল সিমানে নহয় মৰিগাঁও চহৰৰ ৰাজপথতো বাগৰিল বৃহৎ বৃহৎ গছ ৷ তাৰ পিচতে স্থানীয় ৰাইজে দা-কুঠাৰ লৈ গছ কাটি মুকলি কৰে ৰাজপথ । চহৰখনৰ মাজমজিয়াত বিশেষকৈ ভি আই পি পথ আৰু জুদিচিয়েল ক’লনী সংযোগী পথৰ ওপৰত গছ বাগৰি পথ বন্ধ হৈ পৰে । লগে লগে পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীৰ নেতৃত্বত পৌৰকৰ্মীসকলে গছ আঁতৰাই পথ মুকলি কৰে ৷ ইফালে ধাৰাষাৰ বৰষুণৰ বাবে মৰিগাঁও চহৰৰ দৈনিক বজাৰত কৃত্ৰিম বানৰ সৃষ্টি হয় । ফলত কেইবাঘন্টা ধৰি আবদ্ধ হৈ পৰে শ শ যান বাহন ৷ কেইবাঘন্টা ধৰি আৱদ্ধ মৰিগাঁও চহৰৰ নাগৰিক ৷

মৰিগাঁও চহৰৰ সমান্তৰালকৈ মৰিগাঁৱৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে ৷ ঠায়ে ঠায়ে বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ ফলত বিচ্ছিন্ন হৈ পৰিছে বিদ্যুত সেৱা ৷ জিলাখনৰ ঠায়ে ঠায়ে অন্ধকাৰত ডুব গৈছে বহু অঞ্চল ৷

ইফালে 24 ঘন্টাৰ পূৰ্বে বতৰ বিজ্ঞানী কেন্দ্ৰই আগজাননী জাৰিৰ কৰাৰ পাছতে আহিল মৰিগাঁৱত বিধ্বংসী ধুমুহা আৰু ধাৰাষাৰ বৰষুণ ৷ দিনৰ ভাগত অহা বিজুলী ঢেৰেকনী,ধুমুহা, মুষলধাৰ বৰষুণৰ ফলত চহৰখনৰ কেইখনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয় ৷

লগতে পঢ়ক: Guwahati Serial gang rape : পুনৰ ৰাজ্যত কিশোৰী ধর্ষণৰ ঘটনালগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.