মৰিগাঁও, 1 অক্টোবৰ: কাৰ্বি লাংপীৰ বাঢ়নি পানীয়ে পুনৰবাৰ জলমগ্ন কৰিলে মৰিগাঁৱৰ সমীপৱৰ্তী মৰাকলং, টেঙাগুৰি, গুনামাৰা, বাকৰিচাপৰি আদিকে ধৰি বহু অঞ্চল ৷ জিলাখনৰ বৰা, এজাৰবাৰী, তেলাহি, মনিপুৰীকে ধৰি 5 খনকৈ পঞ্চায়ত অধিক প্ৰভাৱিত হৈছে আহিনৰ বানত ৷ দুই-এঘৰক বাদ দি প্ৰতিঘৰ লোকৰ ঘৰৰ ভিৰতৰ সোমাইছে পানী ৷ থকা ঠাইৰ অভাৱত স্থানীয় লোকে যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে বাট-পথ আৰু বিদ্যালয় ঘৰসমূহত আশ্ৰয় গ্ৰহণ কৰিছে ৷ এই ক্ষেত্ৰত বহু দুৰ্ভোগ ভুগিছে পশুধনেও ৷ উচন হৈছে খেতি পথাৰ ৷
ইমানৰ পাচতো কিন্তু বৰ্তমানলৈ বান বিধ্বস্ত অঞ্চলসমূহৰ ৰাইজক কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই স্থানীয় জন প্ৰতিনিধি সকলে ৷ বৰ্তমানলৈয়ো ৰাইজে কোনো ধৰণৰ সাহায্য পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ কিম্বা জন প্ৰতিনিধি সকলৰ পৰা ৷ যাৰ ফলত খাদ্যৰ অভাৱকে ধৰি বহু অসুবিধাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ৰাইজে উত্থাপন কৰিছে এই অভিযোগ ৷ মুঠতে বছৰটোৰ ষষ্ঠবাৰৰ বানত বুৰা মৰিগাঁৱৰ বিস্তৰ অঞ্চলৰ লোকে সম্প্ৰতি সন্মুখীন হৈছে বহু অসুবিধাৰ ৷
লগতে পঢ়ক: মালিগাঁৱত সুৰাপায়ী ৰে'ল আৰক্ষীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা