মৰিগাঁও, 7 অক্টোবৰ : জাগীৰোড আৰু কাছাৰ কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জাগীৰোড কাগজ কলৰ সন্মুখত অসম ৰাজ্যিক কংগ্ৰেছৰ কমিটিয়ে আয়োজন কৰে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত,মৰিগাঁও জিলা কংগ্ৰেছ আৰু জাগীৰোড ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে জাগীৰোড হাল্লাবোল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰথী-মহাৰথীৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদত উপস্থিত থাকে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ পৰা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে আদি কৰি সমূহ বিধায়ক,তথা প্ৰাক্তন মন্ত্ৰীসকল ৷
উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি কাগজ কলদুটাৰ সন্মুখত অব্যাহত আছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী । অৱশেষত বুধবাৰে অসম ৰাজ্যিক কংগ্ৰেছ কমিটিয়ে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ দাবীত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰে ৰাইজৰ পক্ষত থিয় দিলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,সাংসদ গৌৰব গগৈ,দেবব্ৰত শইকীয়া,প্ৰদ্যুৎ বৰদলৈ,নজৰুল ইছলাম,জোনজোনালী বৰুৱা,বুবুল দাসকে আদি কৰি কেইবাজনো জ্যেষ্ঠ-কনিষ্ঠ কংগ্ৰেছী নেতা ৷
লগতে পঢ়ক : নলবাৰী পৌৰসভাৰ নৱ-নিৰ্মিত ভৱন মুকলি