ETV Bharat / state

মৰিগাঁৱৰ গেৰুৱা হাইস্কুলত পুথিভড়াঁল উন্মোচন - নৱনিৰ্মিত পুথিভড়াল ভৱনটি

মৰিগাঁৱৰ গেৰুৱা মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল এটা পুথিভঁৰাল । ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান 2013-14 বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে এই পুথিভঁৰাল ৷

library open at morigaon
মৰিগাঁৱৰ গেৰুৱা হাইস্কুলত পুথিভড়াঁল উন্মোচন
author img

By

Published : Oct 9, 2020, 7:11 AM IST

মৰিগাঁও,9 অক্টোবৰঃ বৃহস্পতিবাৰে মৰিগাঁৱত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ২০১৩-১৪ বৰ্ষৰ পুঁজিৰে গেৰুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত নৱ নিৰ্মিত পুথিভঁৰালটিৰ আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰা হয় । পুথিভড়ালটিৰ দ্বাৰ মুকলি কৰে মৰিগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈয়ে। দ্বাৰ মুকলি অনুষ্ঠানটিৰ প্ৰাকক্ষণত বন্তি প্ৰজ্বলন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক বুধেন্দ্ৰ নাথ ডেকাই। উল্লেখ্য যে, পুথি ভড়ালটিৰে সংলগ্ন কৰি নৱ নিৰ্মিত কম্পিউটাৰ কক্ষ, কলা বিথিকা আৰু বিজ্ঞানাগাৰ কক্ষ কেইটিৰো একেদিনাই দ্বাৰ মুকলি কৰে ।

library open at morigaon
মৰিগাঁৱৰ গেৰুৱা হাইস্কুলত পুথিভড়াঁল উন্মোচন

দ্বাৰ মুকলি অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি গেৰুৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ উদ্যোগত "আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২১ আৰু উৰ্ত্তীৰ্ণৰ হাৰ বৃদ্ধিৰ শৈক্ষিক কৌশল উদ্ভাৱন" শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ আলোচনা চক্ৰত মৰিগাঁও সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° কমল জ্যোতি গগৈয়ে মুখ্য আলোচক হিচাপে অংশ গ্ৰহণ কৰে। শিক্ষা বিষয়াগৰাকীৰ লগতে অধিবিদ্যা পৰিষদৰ সম্পাদক দেৱেশ্বৰ গোস্বামী, শিক্ষক লেনিন ডেকা, হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক অনিল নাথ, ছেবাৰ মেন্টৰ মনমোহন ৰাজবংশীকে প্ৰমুখ্য কৰি কেইবাজনো আলোচকে অংশ গ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰখনৰ সঞ্চালনা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গেৰুৱা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা গেৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক বুবু মনি গোস্বামীয়ে।

library open at morigaon
মৰিগাঁৱত গেৰুৱা হাইস্কুলত পুথিভড়াঁলৰ উন্মোচন

আলোচনা চক্ৰখনিৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণৰ হাৰ বৃদ্ধিৰ নানা উপায় আৰু কৌশল সম্পৰ্কে আলোচক সকলে পৰামৰ্শ আগবঢ়ায় । সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষক বাবুল বৰাই। নৱনিৰ্মিত পুথিভড়াল ভৱনটিত অনুষ্ঠিত মনোজ্ঞ আলোচনা চক্ৰখনত সাতখন বিদ্যালয়ৰ শতাধিক শিক্ষকে অংশগ্ৰহণ কৰে। আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ হ'লে কেনেদৰে প্ৰস্তুতি চলাব লাগিব, এই বিষয়ে ব্যাখ্যা আগবঢ়াই বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে ।

লগতে পঢ়কঃ উত্তৰ গুৱাহাটীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পথচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.